প্রদেশ কংগ্ৰেছৰ প্ৰতিজন নেতাই এতিয়া আতংকিত আৰু হতাশগ্রস্ত : বিজেপি অসম প্রদেশ

p.c. natun gati

প্রদেশ কংগ্ৰেছৰ প্ৰতিজন নেতাই এতিয়া আতংকিত আৰু হতাশগ্রস্ত : বিজেপি অসম প্রদেশ

ৰঙিলী বাৰ্ত্তাসেৱা- “প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যােৱা কেইবাদিনাে ধৰি কেৱল মাথাে নিজৰ সস্তীয়া প্ৰচাৰৰ হেতু সমালােচনাৰ নামত যিধৰণে বিভিন্ন ভেঙুচালি মূলক বক্তব্য উপস্থাপন কৰিছে, সেয়া গ্রহণযােগ্য নহয়। গণতন্ত্রত মত পার্থক্য, বিৰােধিতা থাকিবই, সিয়েই গণতন্ত্রৰ সৌন্দর্য। নিশ্চিতভাৱে বিৰােধী দলসমূহৰ চৰকাৰক সমালােচনা কৰাৰ অধিকাৰ আছে। কিন্তু প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমালােচনাৰ নামত যি নিম্নৰুচি শব্দ বাক্যৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে যি বক্তব্য প্রদান কৰি আহিছে সেয়া গণতান্ত্রিক বাতাবৰণৰ বাবে সঠিক নহয়”। প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক উদ্দেশ্যি এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র মনােজ বৰুৱাৰ।  বিজেপি অসম প্রদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত সংবাদ মাধ্যমক সম্বােধন কৰি মুখপাত্র গৰাকীয়ে কয়, ৰাজ্যিক বিজেপিয়ে বিচাৰে যে ৰাজ্যৰ প্রধান বিৰােধী ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ দলে চৰকাৰৰ বিভিন্ন ধৰণৰ কামকাজক যুক্তিসংগতভাৱে সমালােচনা কৰক। কিন্তু বর্তমানে কংগ্ৰেছ দলে প্রধান বিৰােধী দলৰ ভূমিকা পালন কৰাত ব্যৰ্থ হৈছে, তেওঁলােকৰ সভাপতি ভূপেন বৰাৰ আচৰণ আৰু মনােৰঞ্জনধর্মী চেনেলৰ কার্যক্ৰমৰ মাজত একো পার্থক্য নাই আৰু এনেবােৰ কার্যকলাপে ভূপেন বৰাক ৰাজনৈতিক নেতাৰ পৰিৱৰ্তে এজন ব্যংগাত্মক চৰিত্ৰত পৰিণত কৰিছে। ই ৰাজ্যৰ গণতান্ত্রিক। বাতাবৰণৰ কাৰণে যথেষ্ট দুর্ভাগ্যজনক কথা। মুখপাত্র বৰুৱাই প্রদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক দিশহাৰা নেতা বুলি কটাক্ষ কৰি কয় যে ভূপেন বৰাই কেতিয়াবা চোলা ফালি প্রতিবাদ কৰে, কেতিয়াবা কবিতা লিখি, কেতিয়াবা কংস বুলি সম্বােধন কৰে, আঁচলতে ভূপেন বৰাই কংগ্ৰেছ দলক কি ধৰণে নেতৃত্ব প্রদান কৰিব বিচাৰিছে সেই বিষয়ত নিজেই স্পষ্ট নহয়। তেওঁ লগতে কয়, প্রকৃততে ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ জনকল্যাণমুখী কামকাজত অসমৰ জনসাধাৰণ আশ্বত্ব হ’ব পাৰিছে আৰু সেয়ে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্রজোঁটে প্রতিটো নিবার্চনতে অসমবাসী ৰাইজৰ আদৰ তথা বিপুল সমর্থন লাভ কৰিছে। ইয়াৰ ফলত প্রদেশ কংগ্রেছৰ নেতা সকল চূড়ান্তভাৱে হতাশগ্রস্ত হােৱাৰ লগতে নিজৰ স্থিতি হেৰুৱাৰ ভয়ত আতংকিত হৈ পৰিছে। প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাকে আদি অন্যান্য নেতাসকলে সংবাদ মাধ্যমৰ আগত যি অৰুচিকৰ মন্তব্য, আচৰণ প্রদর্শন কৰি আহিছে সেয়া তাৰইে প্রমাণ। লগতে মুখপাত্র মনােজ বৰুৱাই ভৱিষ্যতে ভূপেন বৰাই ৰাজ্যৰ প্রধান বিৰােধী দলৰ সভাপতি হিচাপে গণতান্ত্রিক মর্যদা ৰাখি যাতে মন্তব্য প্রদান কৰে তাৰ বাবে সঁকীয়াই দিয়ে। এই সংবাদ মেলত মনােজ বৰুৱাক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ অন্যতম মুখপাত্র জানকী খাউণ্ডে।