পৌৰ নিগমৰ মুকলি পৰিৱেশত বিক্ৰী হোৱা মাংস দোকানৰ বিৰুদ্ধে অভিযান

পৌৰ নিগমৰ মুকলি পৰিৱেশত বিক্ৰী হোৱা মাংস দোকানৰ বিৰুদ্ধে অভিযান

অনলাইন বাৰ্ত্তাসেৱা– গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰীৰ বিভিন্ন পথৰ দাঁতিত, পদপথৰ ওপৰত তথা অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী কৰা মাংসৰ দোকানৰ বিৰুদ্ধে শীঘ্ৰে অভিযান চলাব।অস্বাস্থ্যকৰ অথবা মুকলি পৰিৱেশত বিক্ৰী কৰা মাংসই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ শংকা থাকে বুলি পৌৰ নিগমৰ এক সূৰ্ত্ৰই সদৰী কৰে।অস্বাস্থ্যকৰ তথা মুকলি লেতেৰা পৰিৱেশত বিক্ৰী কৰা মাংস গ্ৰহণ কৰাৰ ফলত বিভিন্ন ৰোগৰ বীজাণুৰ দ্বাৰা অথস্তৰ হোৱাৰ সম্ভৱনাকো নুই কৰিব নোৱাৰি। পৌৰ নিগমে সেয়েহে অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী কৰা মাংসৰ দোকানাৰ বিৰুদ্ধে অভিযান চলাব। মুকলি পৰিৱেশত বিক্ৰী দোৱা এই মাংস কিমান স্বাস্থ্যৰ বাবে সন্মত তাক লৈ সৰ্বসাধাৰণৰ মনত বহু সময়ত প্ৰশ্ন উত্থাপন হৈ অহাৰ সময়তে পৌৰ নিগমে এনেধৰণৰ দোকানৰ বিৰুদ্ধে অভিযান চলোৱাৰ খবৰ পাই সাধাৰণ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

(R.T)