পৌৰসভা নিৰ্বাচনত মহিলাৰ কাৰণে বিশেষ সংৰক্ষণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

পৌৰসভা নিৰ্বাচনত মহিলাৰ কাৰণে বিশেষ সংৰক্ষণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ, মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই  এখন সংবাদ মেল সম্বোধন কৰে ৷ সংবাদ মেল যোগে তেওঁ ৫ ডিচেম্বৰত শোণিতপুৰ জিলাত অনুষ্ঠিত হৈ যোৱা মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক পৌৰসভা নিৰ্বাচনত মহিলাৰ কাৰণে আসন সংৰক্ষণৰ যি বিশেষ ঘোষণা কৰি আহিলে তাৰ বাবে বিজেপি মহিলা মৰ্চাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় ৷ তেওঁ উল্লেখ কৰে যে পৌৰসভা নিৰ্বাচনত যি সমূহ আসনত এগৰাকী মহিলা প্ৰাৰ্থী বিজয়ী হৈ আহিব পৰৱৰ্তী ১০ বছৰৰ বাবে সেই আসনসমূহ মহিলাৰ বাবে সংৰক্ষিত হৈ থাকিব ৷ এনেদৰেই ৰাজনীতিত আৰু শাসন যন্ত্ৰত মহিলাৰ সক্ৰিয় অংশগ্ৰহণ সম্ভৱ কৰি তোলাৰ বাবে পোনপ্ৰথম বাৰৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক মহিলা মৰ্চাই আদৰণি জনাইছে ৷ তাৰোপৰি এইবাৰ অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনত দলক বিজয়ী কৰোৱাত মুখ্যমন্ত্ৰীয়ে মহিলা মৰ্চাক গুৰু দায়িত্ব প্ৰদান কৰাত সভানেত্ৰী গৰাকীয়ে মহিলা শক্তিৰ ওপৰত মুখ্যমন্ত্ৰীৰ বিশ্বাসৰ কথা উল্লেখ কৰি তেওঁক ধন্যবাদ জ্ঞাপন কৰে ৷ ইতিমধ্যে অজন্তা নেওগক অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰীৰূপে দায়িত্ব অৰ্পণ কৰি নাৰী শক্তিক ৰাজনৈতিক ভাৱে সৱলীকৰণৰ ক্ষেত্ৰত যে মুখ্যমন্ত্ৰীগৰাকী সঁচা অৰ্থত দায়বদ্ধ তাৰ প্ৰমাণ দিছেই ৷ ডেকাই কয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মহিলা নেত্ৰীৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিছে ৷ গতিকে আগন্তুক সময়ত অসমত নেতৃত্ব দিব পৰাকৈ নাৰীৰ ব্যক্তিত্ব বিকাশৰ বিশেষ গুৰু দায়িত্ব আহি পৰিব মহিলা মৰ্চাৰ ওপৰত ৷ বৰ্তমান সময়ত এই চৰকাৰখনে উন্নয়ণমূলক কাম কাজ সমূহৰ ক্ষেত্ৰত নাৰী সৱলীকৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰিছে ৷ চৰকাৰী আঁচনিসমূহৰ ৭৫% আচনি মহিলা সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা আঁচনি ৷ আৰু এইবাৰ মহিলা মৰ্চাই এই আঁচনি সমূহ তৃণমূল পৰ্যায়ত প্ৰকৃত অৰ্থত বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত পাৰ্যমানে পদক্ষেপ গ্ৰহণ কৰাৰ কথাও সংবাদ মেল যোগে উল্লেখ কৰে মহিলা মৰ্চাৰ সভানেত্ৰী গৰাকীয়ে ৷ তেওঁ লগতে কয় যে আগন্তুক সময়ত আত্ম সহায়ক গোটবোৰৰ লগত যোগাযোগ ৰক্ষা কৰি এই গোটসমূহৰৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত মহিলা সকলক জড়িত কৰোৱাৰ দায়িত্ব মহিলা মৰ্চাই ল’ব ৷ কনকলতা, ইন্দিৰা মিৰি, মাংৰী ওৰাং এই মহিয়সী নাৰী সমূহৰ নামেৰে বিভিন্ন চৰকাৰী আঁচনিৰ নামকৰণ কৰি তেওঁলোকক সৰ্বসাধাৰণ ৰাইজৰ মাজত সদা স্মৰণীয় কৰি ৰাখিব বিচৰা চৰকাৰৰ এই প্ৰয়াসকো ধন্যবাদ জনাই সভানেত্ৰী আঙুৰলতা ডেকাই ৷মহিলা মৰ্চাৰ আগন্তুক কৰ্মৰাজিৰ বিষয়ে মন্তব্য প্ৰদান কৰি আঙুৰলতা ডেকাই লগতে কয় যে আগন্তুক সময়ত মূলাগাভৰু সমৰ কলা প্ৰশিক্ষণৰ জৰিয়তে মহিলা মৰ্চাই নাৰীক শাৰীৰিক তথা মানসিকভাৱে শক্তিশালী কৰি এখন সুস্থ সৱল সমাজ গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱাৰ কাৰ্যপন্থা গ্ৰহণ কৰিব ৷ বৰ্তমান সময়ৰ পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নাৰীয়ে নিজৰ সুৰক্ষাৰ কথা নিজেই চিন্তা কৰিব লাগিব ৷ সেয়েহে এইবাৰ জিলাই জিলাই” বীৰাংগনা মূলাগাভৰু” শীৰ্ষক এক সমৰকলাৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিব ৷ উক্ত সংবাদ মেলত মহিলা মৰ্চাৰ সম্পাদিকা আশা বৰদলৈও উপস্থিত থাকে৷