পৌৰসভা নিৰ্বাচনক লৈ তৎপৰ ছিপাঝাৰ বিজেপি

পৌৰসভা নিৰ্বাচনক লৈ তৎপৰ ছিপাঝাৰ বিজেপি

ৰঙিলী বাৰ্ত্তাসেৱা– পোন প্ৰথমবাৰৰ বাবে ছিপাঝাৰত অনুষ্ঠিত হ’ব পৌৰ নিৰ্বাচন । নিৰ্বাচনক লৈ ব্যাপক তৎপৰ হৈ পৰিছে ছিপাঝাৰ বিজেপি । আজি ছিপাঝাৰ মণ্ডল বিজেপিৰ উদ্যোগত ঘোৰাবান্ধাত অনুষ্ঠিত হয় ৰাজহুৱা সভা । অনুষ্ঠানত উপস্হিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ অসম প্ৰদেশ তথা সামাজিক মাধ্যমৰ ৰাজ্যিক প্ৰভাৰী পবিত্ৰ মাৰ্ঘেৰিটা,বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা,বিধায়ক পৰমানন্দ ৰাজবংশী। এইবাৰ পৌৰসভা নিৰ্বাচনত বিজেপিৰ জয় অৱধাৰিত । ৰাইজৰ দল, অসম জাতীয় পৰিষদ পলায়নবাদী। তেওঁলোকে কেৱল কংগ্ৰেছে আই ইউ ডি এফৰ বোকোচাত উঠি ফুৰে । এই মন্তব্য ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ অসম প্ৰদেশ তথা সামাজিক মাধ্যমৰ ৰাজ্যিক প্ৰভাৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ । আনহাতে এই নিৰ্বাচনত মহিলাসকলে সৱলভাৱে অবৰ্তীৰ্ন হ’ব বুলি  মন্তব্য কৰে বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই।