পৌৰসভাৰ ৪ নং ৱাৰ্ডৰ নিবাসী দীপান্দিতা সৰকাৰৰ ৰাইজলৈ বিনম্ৰ আবেদন

পৌৰসভাৰ ৪ নং ৱাৰ্ডৰ নিবাসী দীপান্দিতা সৰকাৰৰ ৰাইজলৈ বিনম্ৰ আবেদন

ৰঙিলী বাৰ্ত্তাসেৱা – অহা ৬ মাৰ্চত অনুষ্ঠিত হব লগীয়া মঙলদৈ পৌৰসভা নিৰ্বাচনত ৪ নং ৱাৰ্ডৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী একেই ৱাৰ্ড নিবাসী দীপান্দিতা সৰকাৰ অৱতীৰ্ণ হৈছে। ৱাৰ্ডৰ মহিলা সকলৰ ভিতৰত এগৰাকী সৎ আৰু সাহসী লগতে সামাজিক কাম কৰি ভাল পোৱা হিচাপে এক সুনাম তেখেতৰ আছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে টিকত প্ৰদান কৰা বাবে ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছে । ৪ নং ৱাৰ্ডত সৰু বৰ কেইবাটাও সমস্যা আছে বিশেষ ভাৱে যাৱৰ- জোথৰৰ পেলাবলৈ ঠাইৰ অভাৱ, সেয়ে আগন্তুক নিৰ্বাচনত যদি তেখেত ৱাৰ্ড কমিছনাৰ হিচাপে জয়যুক্ত হয় সেই সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে লগতে হাতৰ ছবিত ভোট দিব তেখেতক জয়যুক্ত কৰিলৈ ৪ নং ৱাৰ্ড বাসী ৰাইজক আহ্বান জনায়।