পৌৰসভাৰ সংস্কাৰৰ দিশত এক পদক্ষেপ ৰূপে কম্পিউটাৰ বিতৰণ কৰে  মন্ত্রী অশোক সিংহলে 

Pc Twitter

পৌৰসভাৰ সংস্কাৰৰ দিশত এক পদক্ষেপ ৰূপে কম্পিউটাৰ বিতৰণ কৰে  মন্ত্রী অশোক সিংহলে 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে গুৱাহাটীস্থিত অসম প্রশাসনিক প্ৰাধিকৰণ মহাবিদ্যালয়ৰ সভাকক্ষত অসমৰ বিভিন্ন জিলাৰ পৰা অহা পৌৰপতিসকলৰ হাতত সকলো নগৰীয়া স্থানীয় সংস্থা (ইউএলবি)ৰ বাবে একোটাকৈ কম্পিউটাৰ চেট আৰু আনুষংগিক সামগ্রী বিতৰণ কৰে ৷ মন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত থাকি পৌৰ নিগমসমূহৰ চলিত কাৰ্যাৱলী আৰু সুবিধা – অসুবিধাৰ বুজ লৈ সমস্যাসমূহ সোনকালেই সমাধান কৰা হ’ব বুলি আশ্বাস দিয়ে। তদুপৰি উপস্থিত সকলোকে নিষ্ঠাৰে নিজ নিজ কৰ্ম কৰি যাবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ উল্লেখযোগ্য যে পৌৰসভাৰ সংস্কাৰৰ দিশত এক পদক্ষেপ ৰূপে মুঠ ২২২ টা কম্পিউটাৰ আজি বিতৰণ কৰা হয়। সভাত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন (আই এছ) প্ৰমুখ্যে বিভাগীয় বিষয়া- কর্মচাৰী আৰু পৌৰসভাসমূহৰ সভাপতি, উপ- সভাপতিসকল উপস্থিত থাকে।