পোহৰলৈ আহিছে ধূলা কাণ্ডৰ এটাৰ পাছত আনটো ৰহস্য

Pc The Janambhumi

পোহৰলৈ আহিছে ধূলা কাণ্ডৰ এটাৰ পাছত আনটো ৰহস্য

ৰঙিলী বাৰ্ত্তাসেৱা-  দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত এছ এছ বিৰ জোৱান কৃষ্ণ কমল বৰুৱাৰ ঘৰত অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰা বনকৰা কিশোৰীগৰাকীক প্ৰকৃততে যৌন নির্যাতন চলাই হত্যা কৰা হৈছিল।চি আই ডিৰ বিশেষ অনুসন্ধানকাৰী দলৰ তদন্তত এই কথা স্পষ্ট হৈছে বুলি চি আই ডিৰ বিষয়াক লগত লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই চাঞ্চল্যকৰ তথ্য ৰাজহুৱা কৰিছে।চি আই ডিৰ নেৰানেপেৰা জেৰাৰ অন্তত পোহৰলৈ আহিছে ধূলা কাণ্ডৰ এটাৰ পাছত আনটো ৰহস্য।ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ গাড়ীচালক গুলেনুৰক আটক কৰি চি আই ডিয়ে জেৰা অব্যাহত ৰাখিছে।গুলেনুৰৰ জৰিয়তে কোন কোন আৰক্ষী বিষয়া বা অভিযুক্ত অন্য বিষয়াক ধন যোগান ধৰা হৈছিল, তাৰ তথ্য পোহৰলৈ আনিবৰ বাবে গুলেনুৰক জেৰা চলাই থকাৰ কথা জানিব পৰা গৈছে।ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকাৰ গ্ৰেপ্তাৰৰ পাছতেই শনিবাৰে পুৱা ৰাজসাক্ষী হ’বলৈ সন্মতি প্ৰকাশ কৰে পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া তথা ধূলা কাণ্ডৰ অভিযুক্ত উৎপল বৰাৰ গাড়ী চালক গুলেনুৰে।উৎপল বৰাৰ গাড়ী চালক গুলেনুৰৰ ভাষ্য অনুসৰি অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি অভিযুক্তসকলে গুলেনুৰৰ জৰিয়তে ধনৰ লেনদেন কৰিছিল।কেৱল বিষয়া সকলৰ নামেই নহয়,কোন স্থানত কোন গৰাকী বিষয়াক কিমান ধন দিছিল সকলো খিনি তথ্যয়েই চি আই ডিৰ সন্মুখত গাড়ী চালক গুলেনুৰে প্ৰকাশ কৰিছে।