পেইন্টাৰ- পুলিন ডেকা

pc. nippon paint

পেইন্টাৰ

অৰিন্দমে বাৰে বাৰে চাইছে দেৱালখনলৈ। অস্থিৰ-বিপন্ন তাৰ মন। কালি নিশা এজাক প্ৰচণ্ড ধুমুহা -বতাহ। সি পুৱাই গৈ দেখে চিদানন্দ মাষ্টৰৰ শতায়ুগৰাকী গছজোপা উভালি পৰিছে। মূল পথটোৰ ওপৰতেই। পথটোৰ প্ৰায় সম্পূৰ্ণ অংশই আৱৰি ধৰিছে গছ ডালৰ ঠাল-ঠেঙুলিবোৰে।
স্তব্ধ হৈ পৰিছে যাতায়ত। সমবেত লোকসকলক সচেতন কৰিবলৈ দুখন মান বাইকে তীব্ৰ হৰ্ণ বজাই অতিক্ৰম কৰিছে পথছোৱা। প্ৰাতঃ ভ্ৰমণ কৰা লোকসকলে এবাৰ গছজোপাৰ কাষত থিয় হৈছে।
‘এটা যুগৰ অৱসান ঘটিল, সৰুৰে পৰা গছ ডালৰ এটা ডালো ভগা দেখা নাছিলো। চিদানন্দ মাষ্টৰৰ ককাকে ৰোৱা গছডাল আজি বটবৃক্ষত পৰিণত হৈছিল। মাষ্টৰে বোধহয় গমকে পোৱা নাই ……..’এনে অসংখ্য মন্তব্য আহিছে তাত থুপ খোৱা মানুহকেইজনৰ পৰা।

দীঘল হাতৰ ছুৱেটাৰ,পায়াজামা পৰিধান কৰি এচুকত ৰৈ থকা অৰিন্দমলৈ কোনেও লক্ষ্য কৰা নাই। সি বেৰখনৰ কাষতে থিয় হৈ লক্ষ্য কৰিছে ভগ্ন দেৱালখনৰ কিমান অংশ অক্ষত অৱস্থাত ৰ’ল। সেউজ পাতবোৰৰ মাজত বেৰখনৰ ৰঙ অষ্পষ্ট হৈ পৰিছে। সি এডাল ডাল ওপৰলৈ উঠাই দি আপ্ৰাণ চেষ্টা কৰিছে বেৰখন নিৰীক্ষণ কৰিবলৈ।

হঠাৎ সি দেখিলে বেৰখনত কেবাটাও প্ৰচণ্ড ফাঁক। ৰঙবোৰ এৰি গৈছে। অংকিত চিত্ৰবোৰ মচ খাই গৈছে।

হাতত এডাল লাখুটি লৈ চিদানন্দ মাষ্টৰ এখোজ দুখোজকৈ আগবাঢ়ি আহিছে। মূৰত কাণ দুখন আবৃত্ত হৈ থকা এটা টুপী। শীৰ্ণকায় মানুহজনৰ চচমাযোৰ জিলিকি উঠিছে। আশীৰ উৰ্দ্ধৰ চিদানন্দ মাষ্টৰে এবাৰ গছডালৰ গুৰিলৈ যোৱাৰ প্ৰয়াস চলালে। শিপাৰ সৈতে মাটি ওপৰলৈ উঠি আহিছে। পাহাৰ সদৃশ পৰিৱেশ। চচমাযোৰ খুলি যিমানখিনিলৈকে পাৰে চিদানন্দ আগুৱাই গৈছে। এটা পৰ্যায়ত মানুহজন থমকি ৰ’ল।

গছডালৰ ছিন্ন ভিন্ন টুকুৰাবোৰ দূৰলৈ চিটিকি পৰিছে। গছডালে তাৰ বিশাল সাম্ৰাজ্যৰ অৱসান যেন শক্তিশালীভাবে প্ৰতিপন্ন কৰি গ’ল। মাষ্টৰে দেখে গছডালৰ মূল অংশই যেন নহয় তাৰ শিপাবোৰে বৃদ্ধত্বৰ ছবি এখন দেখুৱাইছে। যিমান খিনিলৈকে শিপাবোৰে উভালি পৰিছে, সিমানদূৰলৈ এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। নিশাৰ বৰষুণজাকে বুৰাই পেলাইছে গাঁতটো।

চিদানন্দ মাষ্টৰে গেটখন খুলি বাহিৰলৈ ওলাই আহিল। নিশা চহৰখনৰ ভিন্ন প্ৰান্তত ধ্বংসলীলা চলাই বতাহজাকে ইতিমধ্যে মেলানি মাগিছে। ছিন্ন ভিন্ন হৈ ইলেকট্ৰিচিটি খুঁটা, তাঁৰবোৰ পৰি আছে। নিশাৰে পৰা অন্ধকাৰচ্ছন্ন মহানগৰী।
গেটৰ সন্মুখতে অৰnণে মাষ্টাৰক জনাই দিলে–‘ পুৱাৰে পৰা সি যিমানখিনি ঠাই ঘুৰিছে, কেৱল বিধ্বস্ত ৰূপ দেখিছে। মিউনিচিপালিটিৰ মানুহ, ইলেকট্ৰিচিটি ব’ৰ্ডৰ মানুহ কামত লাগি গৈছে। এইখিনি ঠিক কৰালৈকে যে গোটেই দিনটো লাগিব, সেয়া নিশ্চিত।’

‘ মোৰ গছডাল ভাঙি পথটো যে পথ অৱৰুদ্ধ কৰি পেলাইছে, খৱৰটো দিলি নে নাই·’– মাষ্টৰে গুৰু গম্ভীৰ কণ্ঠৰে ক’লে।

‘ মোৰ এলেকাটোৰ ক্ষয়-ক্ষয়িতৰ সম্পৰ্কত ইতিমধ্যে জনাই দিয়া হৈছে।’ বুলি কৈয়ে অৰুণ আঁতৰি যায়।

ৱাৰ্ড কাউন্সিলাৰ হিচাপে অৰুণ চিৰিয়াছ। থুলন্তৰ চেহেৰাৰ অৰুণে প্ৰাত্যহিক খোজ কাঢ়ি পুৱাই এলেকাটোৰ খা-খৱৰ ল’য়। মানুহৰ সমস্যাৰ মাজত থাকি সমাধানৰ স্বপ্ন দেখে। যোৱা চাৰিটা কাৰ্যকাল এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মানুহৰ মন জয় কৰি আহিছে।

চিদানন্দ মাষ্টৰে এইবাৰ মূল পথটোৰ মাজত থিয় হ’ল। কেবাখনো গাড়ীয়ে পথটো অতিক্ৰম কৰিব নোৱাৰি উভতনি যাত্ৰা আৰম্ভ কৰিছে। মাষ্টৰে নিৰ্বিদ্ধ দৃষ্টিৰে চাই ৰ’ল।

হঠাৎ অৰিন্দমক দেখি মাষ্টৰে চিঞৰি উঠে–‘ তই কি কৰিছ অ’?
মাষ্টৰৰ মাত শুনি অৰিন্দম সন্ত্ৰস্ত হৈ পৰে। ইমান সয়য়ে আপ্ৰাণ চেষ্টা কৰিছে বেৰখনৰ কিমান অংশ এই ভয়ংকৰ ক্ষতিৰ পৰা ৰক্ষা পৰিছে। পাত, ডালেৰে আবৃত্ত হৈ পৰা বেৰখনত সি মাথো দেখা পাইছে কেইটামান বৃহৎ ফাঁক, মচ খোৱা চিত্ৰসমূহৰ ক্ষয়িষ্ণু ৰূপ। বাৰম্বাৰ কঁপি উঠে তাৰ সেই হাতখন।

সামান্য আঁতৰি আহি মাষ্টৰৰ সন্মুখত থিয় হ’ল অৰিন্দম। মাষ্টৰৰ চিন্তাক্লিষ্ট মুখখনলৈ চাই ক’লে–‘ এটা দিনো নাথাকিল। যোৱা এসপ্তাহে কৰা সকলো কষ্টই ব্যৰ্থ হৈ গ’ল। কালি নিশা বাৰ বজাত কাম সম্পূৰ্ণ কৰিছিলোঁ। ভাবিছিলো প্ৰকৃতিৰ প্ৰতি মানুহৰ নিৰ্মমতাৰ সাক্ষী হৈ ৰ’ব এই পেইন্টিং। অন্তঃত মানুহে বুজি উঠিব প্ৰকৃতিৰ সৈতে কেনেকৈ সহাৱস্থান কৰিব লাগে।’

‘ বুজিছা অৰিন্দম। জীৱনকালত প্ৰকৃতিৰ এই বৃহৎ পৰিৱৰ্তনৰ সাক্ষী হৈ ৰলো। পুহ মাহত ঠাণ্ডা নহ’ল। ভবিছিলো এইবাৰ ঠাণ্ডা নহ’বই। মাঘমাহৰ মাজ ভাগৰ পৰা অহা প্ৰচণ্ড শীত প্ৰৱাহে জনাই দিছে মানুহ হয়তো অনন্তকাল প্ৰকৃতিৰ বিৰুদ্ধে যুঁজ দি যাব নোৱাৰিব। পৰাজয়ৰ অন্যতম সাক্ষী আৱতৰীয় বতাহ, বৰষুণ, ধুমুহা, ঠাণ্ডা।’

মাষ্টৰে লাহে লাহে আগুৱাই গৈছে মূল পথটোৰে। ইতিমধে প্ৰত্যেকটো পৰিয়ালে ঘৰৰ সন্মুখত থিয় হৈছে কালি নিশাৰ ধুমুহাত হোৱা ক্ষয়-ক্ষতিৰ পৰিণাম অনুধাৱন কৰিবলৈ।

কিন্তু অৰিন্দম আঁতৰি যোৱা নাই। এনে বহু ধুমুহাই তাৰ জীৱন বিদীৰ্ণ কৰি তুলিছে। তথাপি থমকি ৰোৱা নাই। কালিৰ এই ধুমুহাজাকে যেন এক অশনি সংকেত কঢ়িয়াই আনিছে, এনে বোধে আচ্ছন্ন কৰাৰ লগে লগে সি দুখোজ পিছুৱাই আহিল।
এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান অৰিন্দম। তিনি বছৰতে পিতৃৰ বিয়োগ হোৱাৰ পিছত মাকৰ সৈতে জীৱন সংগ্ৰাম আৰম্ভ হৈ গৈছিল। পঢ়া শুনাৰ প্ৰতি তাৰ মন নাছিল। দিনে-নিশাই অংকণ কৰিছিল চিত্ৰ। এখন ভিতৰুৱা গাঁৱত জন্ম গ্ৰহণ কৰা অৰিন্দমৰ সেই চিত্ৰবোৰৰ নাছিল কোনো আদৰ। স্তুপীকৃত হৈ পৰি ৰৈছিল ঘৰৰ এচুকত। এক দুৰ্ঘটনাত মাক শষ্যাশায়ী হোৱাৰ লগে লগেই অৰিন্দমৰ জীৱনৰ পট পৰিৱৰ্তন আৰম্ভ হৈ গৈছিল।

নিশান্তৰ সৈতে ঘৰৰ ৰং কৰাৰ কামত নিয়োজিত হৈ পৰে। পুৱাই ৰন্ধা-বঢ়া কৰি মাকৰ বাবে টেবুলখনৰ কাষত থৈ যায়। নিশা ক্লান্তভাবে উভতি আহি পুনৰ ৰন্ধা-বঢ়া। এক বৈচিত্ৰ্যহীন জীৱন। কুক্ষিগত এই জীৱনক লৈ অৰিন্দমৰ নাছিল কোনো আৱেগ। উপাৰ্জিত টকাৰে মাকৰ চিকিৎসা কৰিব পাৰিছে, সেয়া যেন তাৰ বাবে পৰম গৌৰৱৰ বিষয়। প্ৰয়োজনত কেতিয়াবা দুপৰ নিশালৈ কাম কৰিছে। কাৰো ওচৰত হাত পাতিব নিবিচাৰে অৰিন্দমে। অভাৱৰ পৰা মুক্ত হোৱাৰ পিছতে এক দুৰন্ত বাসনা জাগি উঠিছিল তাৰ।

এটা ঘৰ, এখন বাইক। মাকৰ বাবে ঘৰ আৰু ওচৰৰ সৰু চহৰখনত কাম কৰিবলৈ বাইক। নিশান্তক কথাটো কোৱাৰ লগে লগে কৈছিল–‘ ময়ো ভাবিছো। এখন বাইক হ’লে চহৰলৈ কাম বিচাৰি যোৱাটো সুবিধা হ’ব।’

এদিন অৰিন্দমৰ আশা পূৰ্ণ হৈছিল। নিশান্তই তাৰ সাঁচতীয়া টকা কেইটা অৰিন্দমক দিছিল। একেখন বাইকতে উঠি দুয়োজনে প্ৰত্যাহিক ওলাই গৈছিল সৰু চহৰখনলৈ। মাজে সময়ে ৰং কৰাৰ লগে লগে চিত্ৰও অংকণ কৰিছিল অৰিন্দমে। নিশান্তই ছবি আঁকিব নাজানে যদিও শিল্পকলাৰ অনুৰাগী আছিল। সি উৎসাহিত কৰিছিল অৰিন্দমক।

হঠাৎ অৰিন্দমৰ জীৱনলৈ ধুমুহা আহিছিল। এটা ষ্টোক আৰু তাৰ পিছত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হৈছিল অৰিন্দমৰ মাকৰ।

এক অকলশৰীয়া জীৱনবোধে আচ্ছন্ন কৰিছিল তাক। সৰু চহৰখনত দিনে দিনে জনপ্ৰিয়তা আহৰণ কৰিছিল অৰিন্দমে। পৰিচিত হৈছিল এগৰাকী পেইন্টাৰ, চিত্ৰশিল্পী হিচাপে।

ত্ৰিদিপ শইকীয়াই একপ্ৰকাৰ জোৰ কৰিয়ে কামটো দিছিল অৰিন্দমক। ঘৰটোৰ চৌপাশৰ বেৰবোৰ ৰং কৰিব লাগে আৰু প্ৰতিখন বেৰত চিত্ৰ অংকন কৰিব লাগিব। তাৰ হাতত বহু কেইটা আধৰুৱা কাম আছিল। দিনে-নিশাই কাম কৰিলেও এসপ্তাহৰ প্ৰয়োজন। শইকীয়াই নিজৰ চৌহদৰ ভিতৰতে থকাৰ ব্যৱস্থা কৰি দিছিল অৰিন্দমক।

পত্নীৰ সৈতে ডাইৰ্ভোচ হোৱাৰ পিছত একমাত্ৰ ছোৱালী অনন্যাক লৈ ত্ৰিদিপ শইকীয়াক সুখী যেনেই লাগিছিল। শইকীয়াই কি কৰে কোনেও নাজানে। পুৱাই ওলাই যায়, নিশা উভতি আহে। অৰিন্দমে অনন্যাক সুধিছিল, তাই একো ক’ব বিচৰা নাছিল।

অনন্যা চঞ্চল-চপলা এগৰাকী ছোৱালী। ঘৰত চুটি কাপোৰ পিন্ধা আৰু বুকুৰ অৰ্ধেক অংশই মুকলিভাবে ৰখা–এইবোৰ কথা অৰিন্দমে বেয়া পাইছিল। কিন্তু তাইৰ বেপৰুৱা স্বভাৱটো দেখি এদিন সুধিছিল অৰিন্দমে–‘ মাৰ ডাইভৰ্চৰ কাৰণ কি?’

‘ সন্দেহ-অবিশ্বাসে মা-দেউতাৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল। এদিন মা নিৰুদ্দেশ। পিছত গম পোৱা গ’ল দেউতাৰ বন্বু এজনৰ সৈতে পলাই গৈ মুম্বাই চহৰত আছে।’– কম্পিত কণ্ঠে তাই কৈছিল।

‘তোমাৰ মনত পৰে?’
‘ কিছুদিন মোবাইলত যোগাযোগ হৈছিল। দেউতাৰ পৰা সংগোপনে মই এই কাম কৰি গৈছিলো। কিন্তু…..’
‘ তাৰ পিছত।’
‘ এদিন দেউতাই গম পাই মোবাইল ফোনটো ভাঙি পেলাইছিল। দেউতাৰ সেই খং স্বাভাৱিক বুলিয়েই গণ্য কৰিছিলো। কিন্তু যেতিয়াই মই দেউতাৰ কথাবোৰ শুনিছিলো, ক্ষুব্ধ হৈ উঠিছিলো। প্ৰতিবাদ কৰিছিলো।’
‘ নিশ্চয় কথাবোৰে তোমাৰ মনত আঘাত কৰিছিল।’

‘ দেউতাই ড্ৰাগছ ব্যৱসায় কৰিছিল। এই কামত কেবাজনো ল’ৰা-ছোৱালীক নিয়োগ কৰিছিল। কম বয়সীয়া ছোৱালীৰ লগত নৈশ যাপন কৰিছিল। মাৰ মনত ক্ষোভ, অসন্তুষ্টি আছিল। প্ৰতিবাদ কৰাটো নিতান্তই স্বাভাৱিক। এক উচ্ছৃংখল জীৱন। দেউতাৰ কোনো পৰিৱৰ্তন নহ’ল। মা যোৱাৰ পিছত নিশা বহু ছোৱালী আহি আমাৰ ঘৰত থাকে। মই সেই অকলশৰীয়া কোঠাটোত সোমাই কান্দো, কেতিয়াবা উদভ্ৰান্তৰ দৰে নিশা বাহিৰলৈ ওলাই আহি আকাশৰ বিশালতা চাওঁ। ঘৰত ৰন্ধা-বঢ়া কৰা বুঢ়ী মানুহজনীয়ে মোৰ মা, দেউতা, আইতা। আইতাই সকলো দেখিও মৌন। কাৰণ পেটৰ ক্ষুধা ইমানেই ভয়ংকৰ যে সকলো দেখিও নেদেখাৰ দৰে কৰাৰ বাহিৰে বিকল্প কোনো পথেই খোলা নাথাকে। আইতাৰ কেও কিছু নাই। একমাত্ৰ আশ্ৰয়স্থলী আমাৰ ঘৰখন।’

অৰিন্দমে ইয়াতকৈ বেছি জনাৰ প্ৰয়োজনবোধ কৰা নাছিল। লাহে লাহে তাৰ মানসিক দ্বiদ্ব আৰম্ভ হৈ গৈছিল। সীমাহীন প্ৰাচুৰ্যতাই মানুহৰ মাজলৈ নমাই অনা দুৰ্যোগ, নিঃসংগতা, অপৰাধবোধ–এইবোৰ বুজি উঠাটো তাৰ বাবে নিতান্তই জটিল হৈ পৰিছিল। সি দেখি আহিছে দাৰিদ্ৰতা, জীৱন সংগ্ৰাম আৰু তাৰ মাজত থকা আন্তৰিকতা, সহৃদয়তা।

নিশা বিচনালৈ গ’লে, সি এনেবোৰ বিষয় ভাবে। অনন্যাৰ জীৱনলৈ নামি অহা শূণ্যতাৰ সৈতে একাকাৰ হ’ব, সৰু মানুহ হ’লেও তাৰ সীমাবদ্ধ জ্ঞানেৰে তাইৰ মনৰ হাহাকাৰ নাইকীয়া কৰাৰ প্ৰয়াস চলাব– এনে অসংখ্য ভাৱনাই তাৰ চিন্তাৰ পৰিমণ্ডল উত্তপ্ত কৰি তুলিছিল।

ক’ব নোৱাৰকৈ অনন্যাৰ প্ৰতি তাৰ অনুকম্পা জাগিছিল। লাহে লাহে এক নিবিড় সম্পৰ্ক গঢ়ি উঠিছিল। দিন যোৱাৰ লগে লগে দুয়োৰো মাজত গঢ় লৈ উঠিছিল প্ৰেমৰ এক সম্পৰ্ক। কেতিয়াবা এই সম্পৰ্কক লৈ তাৰ শংকা উপজিছিল। অনন্যাৰ অকৃত্ৰিম স্নেহ আৰু সাহসে তাৰ জীৱনৰ পৰিৱৰ্তন সম্ভৱ কৰি তুলিছিল। এদিন তাইৰ কথা মতে নৈশ বিদ্যালয়, মহাবিদ্যালয়ত পঢ়ি সি স্নাতক ডিগ্ৰী লাভ কৰিছিল।

তাৰ পিছত চাকৰিৰ সন্ধান কৰিছিল। তাৰ পক্ষে এটা চাকৰি লাভ কৰাটো সম্ভৱ হৈ উঠা নাছিল। সি লাহে লাহে সম্প্ৰসাৰিত ৰূপত পেইন্টিঙৰ কাম কৰি গৈছিল। চাৰিজনকৈ ল’ৰাক নিয়োগ কৰি সি তাৰ ব্যৱসায়িক দৃষ্টিভংগীকে সলনি কৰি পেলাইছিল।

অনন্যাৰ দেউতাকে নিজকে যিমানেই প্ৰাচুৰ্যতাৰ মাজলৈ লৈ গৈছিল, সিমানেই তাই একাকীসত্বাত ভূগিছিল। অৰিন্দমৰ বাহিৰে তাইক আশাৰ বাণী শুনাব পৰা কোনেও নাছিল। অৱশেষত এঘাৰ বছৰে গঢ়ি উঠা এই প্ৰেমৰ সম্পৰ্কক স্থায়ী ৰূপ দিব বিচৰাৰ দিনা অৰিন্দম শংকিত হৈ পৰিছিল। তাৰ চকুত অহৰহ ভাঁহি আহিছিল ত্ৰিদিপ শইকীয়া কঠোৰ ৰূপ।

অনন্যাক পলুৱাই নিয়াৰ পিছত ত্ৰিদিপ শইকীয়াৰ কোনো প্ৰতিক্ৰিয়াই নাছিল। সি ভাবিছিল থানাত গোচৰ দিব, আৰক্ষীক অৰ্থ লিপ্সা দেখুৱাই অৰিন্দমক থানাৰ লকআপাৰ ভিতৰত নিৰ্মম প্ৰহাৰ কৰিব আৰু দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ পিছত কাৰাৰুদ্ধ জীৱন তাৰ পৰিচয় হ’ব। তিনি বছৰ পিছত শইকীয়াই আন এগৰাকীক ঘৰ সংসাৰ কৰি জীৱনৰ পট পৰিৱৰ্তন কৰিছিল। অনন্যাই কোনো কথাকে অৰিন্দমক ক’ব বিচৰা নাছিল। লাহে লাহে তাইৰ আৰম্ভ হৈ গৈছিল উদভ্ৰান্ত জীৱন। মাকৰ সৈতে তাই এৰিব পৰা নাছিল সম্পৰ্ক। প্ৰত্যাহিক আলাপ, তাইৰ বেংকলৈ অনলাইনযোগে ধন প্ৰেৰণ– মাকৰ সৈতে থকা এই সম্পৰ্কক লৈ সি বিশেষ চিন্তা কৰা নাছিল। ভাবিছিল তাইৰ জীৱনলৈ নামি অহা গভীৰ শূণ্যতা হয়তো পূৰণৰ বাবে মাকৰ এক প্ৰয়াস।

অনন্যাৰ চাল-চলন, মোবাইলৰ সৈতে এৰিব নোৱাৰা আসক্তি দেখি অৰিন্দম ক্ষুব্ধ হৈ পৰিছিল। প্ৰতিটো কথাতে তাইৰ যুক্তি, তৰ্ক আৰু অৱশেষত খঙৰ ভমকত ঘৰৰ বয়-বস্তু লণ্ডভণ্ড কৰাটো এক অভ্যাসলৈ পৰিৱৰ্তন হৈ পৰিছিল।

অনন্যা বাথৰুমত। মোবাইলত অবিৰাম গতিত মেছেজৰ শব্দ আহিছে। লাহে লাহে অৰিন্দমে মোবাইলটো তুলি লৈছিল। এটাৰ পিছত এটা মেছেজ পঢ়ি বাকৰুদ্ধ হৈ পঢ়িছিল। তাৰ অনুপস্থিতিত প্ৰেমৰ গভীৰতাই যে দলৈকে শিপাইছে, সেই অনুভূতি অহাৰ লগে লগে সি মোবাইলটো বিচনালৈ দলিয়াই দি খৰখোজৰে বাহিৰলৈ ওলাই আহিছিল।

সন্ধিয়া উভতি আহি দেখে অনন্যা নাই। টেবুলখনত পৰি ৰৈছে এখন চিঠি। খুলি দেখিছিল কেইষাৰিমান বাক্য–‘গুড বাই। টুডে ইভিনিং আই উইল প্ৰচিড টু মুম্বাই। ডন্ট ট্ৰাই টু মিট মি।’

অৰিন্দম কঁপি উঠিছিল। সি শ্লথ গতিৰে বাহিৰলৈ আহি গেটৰ ওচৰত বহু সময় ধৰি থিয় হৈ থাকিল। তীব্ৰ হৰ্ন বজাই গাড়ীবোৰ অহা যোৱা কৰিছে। আলোকময় হৈ পৰিছে সমগ্ৰ চহৰ। কিন্তু অৰিন্দম সঠিকভাবে থিয় হৈ থাকিব পৰা নাই। এজাক যেন ধুমুহাই তাক মহতিয়াই নিছে।

‘ হেৰ অৰিন্দম, তই এতিয়াও যে আঁতৰি যোৱা নাই।’– চিদানন্দ মাষ্টৰৰ কথা শুনি সি থমমত খাই হৈ উঠে।

অৰিন্দমে দেখে এখন গাড়ীত পৌৰ নিগমৰ মানুহ আহিছে। হুৰমুৰকৈ গাড়ীৰ পৰা মানুহবোৰ নামিছে। প্ৰত্যেকৰে হাতে হাতে দা, কুঠাৰ। খন্তেক পিছতে গছ কটা মেশ্বিন লৈ আন এখন গাড়ী। যেন যুদ্ধৰ প্ৰস্তুতি। যিমানেই গছৰ ডাল পাতবোৰ আঁতৰাই আছে, সিমানেই দেখা গৈছে এখন বিধ্বস্ত বেৰ। খণ্ড-বিখণ্ড হৈ পৰি ৰৈছে অংকিত চিত্ৰবোৰক সাৱটি থকা ইটাৰ টুকুৰা।

কালি নিশা সম্পূৰ্ণ কৰা চিত্ৰবোৰ এতিয়া ইতিহাস। নিশা মদসিক্ত হৈ বেৰখনৰ কাষত বহি থকা বিমল, মদন, ভুপতিহঁত মাথো হৈ সাক্ষী হৈ থাকিল। এই মুহূৰ্ত্তত তাৰ মনলৈ আহিছে এক প্ৰশ্ন– সিহঁতে বাৰু ছবিবোৰৰ অৰ্থ বুজি পালেনে?

হঠাৎ বাজি উঠে তাৰ মোবাইল ফোন। সি ফোন ৰিচিভ কৰাৰ ইচ্ছা প্ৰকাশ নকৰিলে। অবিৰাম গতিত বাজি থাকে অৰিন্দমৰ ফোন।

মোবাইল উলিয়াই দেখে অনন্যাৰ বাৰটা মিছ কল। অনন্যাই ফোন কৰিছে কিয়· পুনৰ সি মোবাইলটো পকেটত ভৰাই ল’লে।

মিউনিচিপালটিৰ মানুহবোৰক সি সহায় কৰিছে। বেৰখনৰ অৱশিষ্ট অংশৰ যাতে ক্ষতি নহয়, তাৰ বাবে অনুৰোধ কৰিছে। তাৰ চকুৰ সন্মুখত ধূসৰ হৈ পৰে সেই চিত্ৰবোৰ। প্ৰকৃতিৰ ভয়াবহতাৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহক ৰক্ষা কৰিব নোৱাৰে। নহ’লে ভয়ংকৰ ধুমুহাৰ পৰা মানুহক ৰক্ষা কৰাৰ বাবে অলেখ উপায় উদ্ভাৱন হ’লহেঁতেন। সুৰক্ষিত থাকিলহেঁতেন কালি অংকণ কৰা দেৱালখন।

সি পুনৰ শুনে মাষ্টৰৰ কণ্ঠ।
ঘুৰি চাই দেখে চিদানন্দ মাষ্টৰৰ কাষত এটা শিলৰ মূৰ্ত্তিৰ দৰে থিয় হৈ আছে অনন্যা।

 

পুলিন ডেকা
[৭০০২৫-১৬৯৮৩]