পৃথিৱীৰ প্ৰথমটো ডিএনএ কোভিড প্রতিষেধকত অনুমোদন জনালে ভাৰতে

pc ThePrint

ভাৰতে অনুমোদন জনালে ডি.এন.এ. কোভিড প্রতিষেধকক

অনলাইন বাৰ্ত্তাসেৱা – জাইডাছ কেডিলাৰ তিনিপালি প্ৰতিষেধক জৰুৰীভাৱে ব্যৱহাৰৰ বাবে অনুমোদন জনায় ভাৰতে। এই ডি.এন.এ. প্রতিষেধকে শৰীৰত ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তুলিব। এই প্রতিষেধক হৈছে বিশ্বৰ প্ৰথমটো নিডল ফ্ৰী প্রতিষেধক। বিজ্ঞানীসকলে সদৰী কৰা মতে, ডি.এন.এ. প্রতিষেধক তুলনামূলকভাৱে কম মূল্যৰ আৰু নিৰাপদ হয়। এই প্রতিষেধক মজুত কৰাৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা আছে। যোৱা ১ জুলাইত জাইডাছ কেডিলাই কোভিড প্রতিষেধকৰ জৰুৰীকালীন প্ৰয়োগৰ অনুমোদনৰ বাবে আবেদন জনাইছে। প্রতিষ্ঠানটোৱে ১২ৰ পৰা ১৮ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত এই প্রতিষেধকৰ সফল ক্লিনিকেল পৰীক্ষণ সম্পন্ন কৰাৰ কথাও সদৰী কৰিছে। লগে লগে এই বয়সৰ শিশু আৰু কিশোৰৰ দেহত প্ৰতিষেধক প্ৰয়োগৰ পথ প্রশস্ত হল। প্ৰতিষ্ঠানটোৱে ৫০টাৰো অধিক কেন্দ্ৰত ২৮ হেজাৰ ভলেণ্টিয়াৰ সাঙুৰি প্ৰশিক্ষণ চলোৱাৰ কথা সদৰী কৰিছে। উল্লেখ্য যে ভাৰতে বৰ্তমানলৈ কৰ’নাৰ তিনিবিধ প্রতিষেধক কোভিশ্বিল্ড, কোভাক্সিন আৰু স্পুটনিকৰ প্ৰয়োগত অনুমোদন জনাইছিল। সেইমৰ্মে ভাৰতৰ ১৩ শতাংশ প্ৰাপ্তবয়স্ক লোকক সম্পূর্ণ প্রতিষেধক প্রদান কৰাৰ বিপৰীতে ৪৭ শতাংশক প্ৰদান কৰা হৈছে এপালি প্ৰতিষেধক।

(UD.)