পৃথিবী আজি ড্ৰাগছত আক্ৰান্ত : শৈক্ষিক পাঠ্যক্ৰমত ড্ৰাগছ আৰু ইয়াৰ ভয়াবহতাৰ বিষয়ে অন্তৰ্ভুক্ত কৰক –   ড: মিজানুৰ ৰহমান

pc-DNA india

পৃথিবী আজি ড্ৰাগছত আক্ৰান্ত : শৈক্ষিক পাঠ্যক্ৰমত ড্ৰাগছ আৰু ইয়াৰ ভয়াবহতাৰ বিষয়ে অন্তৰ্ভুক্ত কৰক

যি বস্তু সেৱন কৰিলে মানুহৰ শাৰীৰিক, মানসিকভাৱে তিল তিলকৈ অৱক্ষয় ঘটে সৈই বস্তুৰ প্ৰতি আজি গোটেই পৃথিবীখন কিয় কেনেকৈ ইমান ভয়ংকৰভাৱে আসক্তি হ’ল? যি কাৰ্য সামাজিকভাৱে, ধাৰ্মিকভাৱে, বৈজ্ঞানিকভাৱে কোনো দিশতে অনুমোদিত নহয়, নিষেধাজ্ঞাও কৰা হৈছে সৈইটো কৰাৰ প্ৰৱণতা ইমানৈই বেছি হ’ল যে আজি বহুতো পৰিয়াল ইয়াৰ কৱলত পৰি পংগু হৈ গৈছে। ইয়াৰ কাৰণ বিচাৰি গ’লে দেখা যাব যে লগৰীয়াৰ সমৰ্থন বা হেঁচা, ড্ৰাগছ সেৱনকাৰী পিতৃ-মাতৃ, চিনেমাৰ প্ৰভাৱ, পিতৃ-মাতৃৰ দ্বাৰা উপেক্ষিত, ঘৰুৱা অশান্তি, পাশ্চাত্যক অনুসৰণ আদি। এনে ধৰণৰ কাৰণৰ গ্ৰাসত পৰি আজি ড্ৰাগছৰ দ্বাৰা প্ৰধানকৈ আক্ৰান্ত দেশ আমেৰিকাৰ পৰা আৰম্ভ কৰি আমাৰ দেশতো গুৱাহাটীকে ধৰি সমগ্ৰ উত্তৰ-পূৱ, কলকতা, মুম্বাই আদি চহৰ-নগৰ, গাৱেঁ-ভূৱেঁ ড্ৰাগছে ভয়ানকভাৱে ছানি ধৰিছে।

 বৰ্তমান সংবাদ মাধ্যমত বিশেষকৈ অসমত অবিৰতভাৱে ড্ৰাগছ আক্ৰান্তৰ বাতৰি দেখি সকলোৰে অনুমান হৈছে সমগ্ৰ ৰাজ্যখন ড্ৰাগছৰ গ্ৰাসত কিমান গভীৰতালৈ গুচি গৈছে। বিশেষকৈ স্কুলীয়া ছাত্ৰ- ছাত্ৰী, কিশোৰ-কিশোৰী ইয়াৰ দ্বাৰা অধিক আক্ৰান্ত হৈছে। ফলত আজি ড্ৰাগছৰ ব্যৱহাৰে শাৰীৰিক, মানসিক আৰু সামাজিক তথা অৰ্থনৈতিক দিশত যুৱ সমাজৰ মাৰাত্মক ক্ষতি সাধন কৰি আহিছে। দিনক দিনে ড্ৰাগছ সেৱনকাৰী ইমান পৰিমানে বৃদ্ধি হৈছে যে আজিকালি ড্ৰাগছ লোৱাটো যেনিবা এক ফেশ্বনত পৰিণত হৈছে। ড্ৰাগছ নাপালে  আজিৰ যুৱ প্ৰজন্মই অত্যধিক মাত্ৰাত উত্ৰাৱল  হৈ পৰে, যেনিবা এই উত্তেজক দ্ৰব্য নাপালে পৃথিবীখনে অচল হৈ যাব। কেতিয়াবা ফাৰ্মাচীয়ে বাৰম্বাৰ ছিৰিন্জ নিদিয়াৰ আশংকাত একেটা ছিৰিন্জকে ব্যৱহাৰ কৰাৰ ফলত ড্ৰাগছ আক্ৰান্তবোৰক এইডছৰ দৰে আাত্মঘাতী ৰোগো দেখা দিয়ে। এনেদৰে ড্ৰাগছ সেৱনকাৰীক তিল তিলকৈ মৃত্যুৰ পথলৈ ঠেলি দিয়ে আৰু সমগ্ৰ পৰিয়ালটোলৈ অন্ধকাৰ নমাই আনে। এই ড্ৰাগছৰ নিচাৰ বাবে হত্যা, লুন্ঠন, ধৰ্ষণ আদি অপৰাধবোৰ বেছিকৈ সংঘটিত হবলৈ ধৰিছে। ড্ৰাগছৰ আসক্তি ইমানে ভয়াবহ হৈ পৰিছে যে শেহতীয়াকৈ ইলেক্ট্ৰনিক মাধ্যমত দেখা পোৱা মতে অসমৰে এখন জিলাত ড্ৰাগছ আক্ৰান্ত এজনক আৰক্ষীয়ে কৰায়ত্ত কৰি নি গাড়ীত উঠাওতে “মোক ড্ৰাগছ লাগিব”, “মোক ড্ৰাগছ লাগিব” বুলি পাগলৰ দৰে উত্ৰাৱল হৈ চিঞৰিছে। এই ড্ৰাগছৰ নিচাৰ তীব্ৰতা যথেষ্ট বেছি, এৰিব বিচাৰিলেও কেতবোৰ উইথড্ৰৱেল ছিনড্ৰ’মে আগুৰি ধৰে।

সমগ্ৰ ৰাজ্যখন কেনেকৈ ড্ৰাগছৰ এনে কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ হ’ব?  ড্ৰাগছমুক্ত অসম বা ভাৰত কেতিয়া দেখিবলৈ পাম? ড্ৰাগছ উৎপাদনকৰ্তাবোৰে বেপাৰ বানিজ্যৰ সমান্তৰালকৈ আজিৰ যুৱ সমাজৰ বাবে অভিভাৱকৰ দৃষ্টিভংগীৰে চোৱা উচিত। চৰকাৰে ড্ৰাগছ উৎপাদন নিষিদ্ধ কৰিব নোৱাৰিলে বিদ্যালয়বোৰত শৈক্ষিক পাঠ্যক্ৰমত ড্ৰাগছ আৰু ইয়াৰ ভয়াবহতাৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰাটো অত্যন্ত প্ৰয়োজনীতা হৈ পৰিছে। ড্ৰাগছ আক্ৰান্তবোৰক উদ্ধাৰ কৰা কেৱল চিকিৎসকৰ দায়িত্ব নহয়, অভিভাৱক, বন্ধু-বান্ধৱী, আত্মীয়-স্বজনৰ সহযোগিতাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰো যথেষ্ট ভুমিকা আছে। পাঠ্যক্ৰমৰ বাধ্যকৰণ থাকিলে শিক্ষক-শিক্ষয়িত্ৰীৰ মাধ্যমেদি ছাত্ৰ-ছাত্ৰী বা যুৱ প্ৰজন্মৰ বাবে ড্ৰাগছবোৰোধী সচতেনতা সক্ৰিয় হৈ থাকিব। কাৰন, আজিৰ দিনত যুৱ প্ৰজন্মই ড্ৰাগছৰ ভয়াবহতাৰ কথা নাজানি বা ভ্ৰক্ষেপ নকৰি নিজকে ড্ৰাগছৰ কৱলত আৱদ্ধ কৰি লৈছে।

সেইবাবে চৰকাৰে বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে নিয়মিতভাৱে ড্ৰাগছবিৰোধী সজাগতামুলক কাৰ্য্যসূচী ৰুপায়ন কৰি সকলো প্ৰকাৰৰ সংবাদ মাধমৰ যোগেদি প্ৰচাৰকাৰ্য্য চলাই যোৱাটো বান্চনীয় কৰিব লাগে। ড্ৰাগছবিৰোধী ক্ৰিমিনেল আইনখন আৰু প্ৰৱল কৰি কোনো অপৰাধীয়ে সাৰি নোযোৱাকৈ প্ৰস্তুত কৰিলে যুৱ সমাজৰ বাবে সতৰ্কতাৰ ভেঁটি হৈ ৰ’ব। প্ৰতিখন জিলাতে স্হাস্হ্য       বিভাগৰ সহযোগিতাত এন্টিড্ৰাগ ছেল স্হাপন কৰি ড্ৰাগছবিৰোধী অভিযান সফল কৰিবলৈ টোলফ্ৰী নম্বৰৰ বৱস্হা কৰিলে অভিভাৱক, বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আদিয়ে নিজৰ পৰিয়ালৰ ড্ৰাগছ আসক্তি বক্তিক নিয়ন্ত্ৰণ কৰাৰ আশংকা কৰিব পাৰি। ছাত্ৰ-ছাত্ৰী, যুৱ সমাজ স্বাস্হ্যকৰ হৈ থাকিলেহে সমাজৰ স্বাস্হ্য আৰু ন্যায় এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হৈ থাকিব।

 ড: মিজানুৰ ৰহমান

শিঙিমাৰী ১ম খন্ড, ধৰ্মশালা, ধুবুৰী , অসম

দূৰভাষ: ৯৩৬৫০-৮২৯৮২