‘পূৰ্বতে মন্ত্রীৰ প্রভাৱৰ বাবে আমি ভালকৈ কাম কৰিব পৰা নাছিলো’,কিন্তু এতিয়া যথেষ্টখিনি নৈতিক সাহস পাইছো – APDCLৰ পৰিচালন সঞ্চালক

pc-exam daily

বিজুলী ভৱনত অনুষ্ঠিত হৈছে বিদ্যুৎ বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠক।
‘পূৰ্বতে মন্ত্রীৰ প্রভাৱৰ বাবে আমি ভালকৈ কাম কৰিব পৰা নাছিলো’, এ তিয়া যথেষ্টখিনি নৈতিক সাহস পাইছো – এই মন্তব্য APDCLৰ পৰিচালন সঞ্চালকৰ। ৰাজ্যৰ বিদ্যুৎ বিভাগৰ বিদ্যুৎ বিল সংগ্ৰহৰ বিষয়েও মন্তব্য কৰিছে সঞ্চালকগৰাকীয়ে।আনহাতে ১০৫৮০৩ টাকৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছে।ৰাজ্যৰ মুঠ ৭০ শতাংশ উপভোক্তাই পূৰ্বে বিদ্যুৎ বিল আদায় দিয়া নাছিল।৫৩ শতাংশৰো অধিক উপভোক্তাই এতিয়াও বিদ্যুৎ বিল আদায় দিয়া নাই।পূৰ্বতকৈ এইবাৰ উপভোক্তাৰ বিদ্যুৎ বিল আদায় দিয়াৰ পৰিমাণ বৃদ্ধি পাইছে।মুঠ ডিমাণ্ড আছিল ৫১৩ কোটি টকা পোৱা গ’ল ৫০৮ কোটি টকা।বিগত দিন কেইটাত বিদ্যুৎ চুৰিৰ বিৰুদ্ধে মুঠ ৬১১ টাকৈ গোচৰ ৰুজু কৰা হৈছে।১০০০ কোটিৰো অধিক টকা লোকচানৰ সন্মুখীন হৈ আছে APDCL।এতিয়াও অনাদায় হৈ আছে প্ৰায় ২০০০ কোটিৰো অধিক টকা।এই তথ্য প্ৰকাশ কৰিছে APDCL ৰ পৰিচালন সঞ্চালকে। by utpal kalita