পূজাত চান্দা নুতুলিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ

পূজাত চান্দা নুতুলিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ

ৰঙিলী বাৰ্ত্তাসেৱা-  চান্দা তোলাৰ বিৰোধিতা কৰি অহা ৰাজ্য চৰকাৰে বিহুৰ সময়ৰ দৰে দুৰ্গা পূজাৰ সময়তো চান্দা তোলা কাৰ্যৰ পৰা বিৰত থকাৰ অনুৰোধ জনাইছে।ফেচবুক পোষ্টযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অনুৰোধ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে– ”এই পূজাৰ বতৰত সকলোকে চান্দা অপসংস্কৃতি সম্পূৰ্ণ পৰিহাৰ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয়। সকলোৰে সহযোগিতাৰে এই অপসংস্কৃতিৰ পৰা চিৰদিনৰ বাবে মুক্তি লাভৰ সংকল্প গ্ৰহণ কৰোঁ আহক।” উল্লেখ্য, বিহুৰ সময়ত চৰকাৰে চান্দা নোতোলাৰ বাবে আহ্বান জনায় ১০ বছৰ পুৰণি বিহু কমিটিক চৰকাৰৰ ফালৰ পৰা অনুদান দিয়া হৈছিল।