পুৱতি নিশা গোলাঘাট বেঙেনাখোৱাৰ গণপতি হাৰ্ডৱেৰত চোৰৰ চুৰি কাণ্ড

পুৱতি নিশা গোলাঘাট বেঙেনাখোৱাৰ গণপতি হাৰ্ডৱেৰত চোৰৰ চুৰি কাণ্ড

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  আজি পুতি নিশা গোলাঘাট বেঙেনাখোৱাৰ গণপতি হাৰ্ডৱেৰ নামৰ দোকানত চোৰে চাফাই অভিযান চলাই। কেবামহলীয়া দোকানখনত দৰ্জাৰ হুক ভাঙি চোৰ ভিতৰ সোমায় আৰু কেচ বক্সৰ তলা ভাঙি প্ৰায় ৬০০০০/- টকা লৈ যায় বুলি দোকানখনৰ সত্বাধিকাৰ বিনোদ লাধাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে নগৰ খনৰ মাজমজীয়াৰ পৰা এনেদৰে চুৰি হোৱা ঘটনাই আৰক্ষীৰ নিষ্ক্ৰিয়তাক উদঙাই দেখুৱালে। গোলাঘাটত আজি কিছুদিনৰে পৰা চুৰি কাণ্ড বাঢ়িবলৈ লৈছে। এই ক্ষেত্ৰত ৰাইজে আৰক্ষীক সঠিক পদক্ষেপ লোৱাৰ আহ্বান জনাইছে।