পুৰ্ণদৈচপৰা-সৰুদৌলত ঐতিহাসিক শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ বিশাল আয়োজন

p.c Vikaspedia

পুৰ্ণদৈচপৰা-সৰুদৌলত ঐতিহাসিক শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ বিশাল আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-   চ’ত মাহৰ আবিৰ সনা ৰাঙলী দিনত অইন বেলিৰ দৰে এইবেলিও ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতাত পূৰ্ণদৈচপৰা (লহকৰপাৰা)সৰুদৌল মন্দিৰৰ প্ৰাঙ্গণত ১৭,১৮ আৰু১৯ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে ঐতিহাসিক  শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ বিশাল আয়োজন কৰা হৈছে।কাৰ্যসূচী মতে ১৭ মাৰ্চত ৰাতিপুৱা বন্তি প্ৰজ্বলন,যুৱ সমাজৰ উদ্যোগত সমাজসেৱা,ধৰ্মীয় পতাকা উত্তোলন,গছপুলি ৰোপণ,ৰভাতলীৰ দ্বাৰ উন্মোচন,কীৰ্ত্তন পাঠ।সন্ধিয়া ৬ বজাত গাঁৱৰ প্ৰয়াত ব্যক্তিসকলৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ১০০১গছি বন্তি প্ৰজ্বলন,টোপ ধ্বনি,সন্ধিয়া ৬-৩০ বজাত মেঘদাহ আৰু অধিবাস,দৌলৰোহন, ৮ বজাত নাগাৰা নামৰ পাঠক কৰুনা তালুকদাৰ(সোনকানি নলবাৰী)আৰু পাঠিকা টুটুমণি কলিতা (কালাগ নলবাৰী)ৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন,নিশা ৯ বজাত আৰিয়া প্ৰজ্বলন।১৮ মাৰ্চত ৰাতিপুৱা পৰিৱেশ পৰিস্কৰণ,বন্তি প্ৰজ্বলন,স্বচ্ছ অভিযান,ৰাতিপুৱা ৯ বজাত মহাপ্ৰভু শ্ৰীশ্ৰীকৃষ্ণৰ পুজা আৰম্ভ,১০ বজাত আয়তীৰ নাম-প্ৰসঙ্গ,দুপৰীয়া ১২ বজাত সমূহীয়া নাম-প্ৰসঙ্গ,১ বজাত সমূহীয়া শান্তি,২ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ।আবেলি ৪ বজাত প্ৰয়াত শিৱ লহকৰ সোঁৱৰণী মঞ্চ উদ্বোধন।৪-৩০ বজাত অসমীয়া গীতৰ আধাৰত আধুনিক নৃত্য প্ৰতিযোগিতা।প্ৰথম পুৰস্কাৰ- প্ৰয়াত ৰাজেশ্বৰ লহকৰ, সুনন্দ লহকৰ সোঁৱৰণী নগদ ৫০০১ টকা।দাতা-আনন্দ লহকৰ আৰু মুকুল লহকৰ।দ্বিতীয় পুৰস্কাৰ- প্ৰয়াত কমলেশ্বৰ লহকৰ সোঁৱৰণী নগদ ৩০০১ টকা।দাতা-ৰাজেন লহকৰ(২)তৃতীয় পুৰস্কাৰ- প্ৰয়াত উদয় লহকৰ সোঁৱৰণী নগদ ২০০১ টকা।দাতা-মৃদুল লহকৰ (দক্ষিণচুবুৰী)।সন্ধিয়া ৬ বজাত গাওঁৰ প্ৰয়াত ব্যক্তিসকলৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ১৫০১গছি বন্তি প্ৰজ্বলন,টোপ ধ্বনি।নিশা ৯ বজাত গাওঁৰ প্ৰয়াত ব্যক্তিসকলৰ সোঁৱৰণত সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ’ব৷ সাংস্কৃতিক সমাৰোহৰ বিশেষ আকৰ্ষণ -জনপ্ৰিয় কণ্ঠশিল্পী দেৱপ্ৰতীম বৰা(গুৱাহাটী)আৰু প্ৰিয়ংকা কলিতা(নলবাৰী)ৰ গীতৰ শৰাইৰ লগতে  খাপলংকাইৰ ভুত খ্যাত জনপ্ৰিয় কৌতুক অভিনেতা মুনিন্দ্ৰ দাস আৰু স্হানীয় কৌতুক অভিনেতা শৰৎ লহকৰৰ কৌতুক অভিনয়।১৯ মাৰ্চত ৰাতিপুৱা পৰিৱেশ পৰিস্কৰণ,বন্তি প্ৰজ্বলন,৯ বজাত উন্নয়নমূলক আলোচনা।দুপৰীয়া ১২ বজাত মহাপ্ৰভু শ্ৰীশ্ৰীকৃষ্ণৰ নগৰ সংকীৰ্ত্তন।নিশা ৯ বজাত প্ৰীতি ভোজন ও মহোৎসৱৰ সামৰণি।সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছে দৌল মহোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি পঙ্কজ কুমাৰ লহকৰ,সম্পাদক মুকুত শৰ্মা,ৰুবুল লহকৰ আৰু গাঁও পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ লহকৰ,সম্পাদক আনন্দ লহকৰৰ লগতে পুৰ্ণদৈচপৰা(লহকৰপাৰা)সৰুদৌল গাওঁবাসী ৰাইজে।