পুৰুষৰ হকী খেলৰ ছেমি ফাইনেলত ভাৰতৰ পৰাজয় বৰণ

pc The Quint

অনলাইন বাৰ্ত্তাসেৱা – টকিঅ’ অলিম্পিকত পুৰুষৰ হকী খেলৰ ছেমি ফাইনেলত ভাৰতে বিশ্বৰ দ্বিতীয় স্থানত থকা বেলজিয়ামৰ হাতত ২-৫ ব্যৱধানত পৰাজিত হয়। ভাৰতীয় পুৰুষৰ হকী দলটোৱে ৪৯ বছৰৰ পিছত অলিম্পিকত তেওঁলোকৰ প্ৰথমখন ছেমি ফাইনেলত অংশগ্ৰহণ কৰে। বৃহস্পতিবাৰে ব্ৰঞ্জৰ পদকৰ বাবে ভাৰতে অষ্ট্ৰেলিয়া আৰু জাৰ্মানীৰ মাজত অনুষ্ঠিত হ’ব লগীয়া ছেমি ফাইনেল খেলখনত পৰাজিত হোৱা দলটোৰ সৈতে মুখামুখি হ’ব।

(UD.)