পুৰুষৰ হকী খেলত স্পেইনক 3-0 গ’লত পৰাস্ত কৰে ভাৰতে

pc The Prevalent India

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতে মঙলবাৰে টকিঅ’ অলিম্পিকত পুৰুষৰ হকীত স্পেইনক ৩-০ গ’লত পৰাস্ত কৰি পুল এ পইণ্ট তালিকাত (Pool A points table) দ্বিতীয় স্থান দখল কৰে। অষ্ট্ৰেলিয়াৰ হাতত দলটোৱে ১-৭ ৰ ব্যৱধানত পৰাজয় বৰণ কৰাৰ পাছত ভাৰতে এই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। ৰূপিন্দৰ পাল সিঙে দুটা আৰু চিমৰণজিৎ সিঙে এটা গ’ল কৰি ভাৰতৰ দলটোক স্পেইনক পৰাস্ত কৰাত সহায় কৰে। উল্লখযোগ্য যে স্পেইনৰ দলটোৱে বৰ্তমান গ্ৰুপ তালিকাৰ পঞ্চম স্থানত আছে।

(UD.)