পুনৰ ব্রহ্মপুত্রৰ বুকুত সংঘটিত হৈছে নাও দুৰ্ঘটনা

Pc The Janambhumi

পুনৰ ব্রহ্মপুত্রৰ বুকুত সংঘটিত হৈছে নাও দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- ধুবুৰীত ব্রহ্মপুত্রৰ বুকুত সংঘটিত হৈছে এক নাও দুৰ্ঘটনা।কোবাল সোঁতত নিয়ন্ত্রণ হেৰুৱাই ডুব যায় এখন যন্ত্ৰচালিত নাও।দুৰ্ঘটনাত এতিয়াও প্ৰায় ২০ গৰাকী যাত্ৰী সন্ধানহীন হৈ আছে।বৰ্তমানলৈ দুজন লোকক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।উল্লেখ্য যে নাওখনত আছিল চৰকাৰী বিষয়া।নাওখনত থকা ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়া সঞ্জু দাস সন্ধানহীন হৈ আছে।চৰজমিন অনুসন্ধানৰ বাবে ধুবুৰীলৈ গৈছিল বিষয়া-কৰ্মচাৰীৰ দলটো।ঘটনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।