পুনৰ চৰ্চালৈ আহিছে ভিক্টৰ দাস

Pc Eastmojo

পুনৰ চৰ্চালৈ আহিছে ভিক্টৰ দাস

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে পুনৰ চৰ্চালৈ আহিছে ভিক্টৰ দাস।ভিক্টৰ দাসৰ ইনষ্টিটিউটৰ পৰা প্ৰায় ১০০০ ছাত্ৰ–ছাত্ৰী চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে।যাক লৈ এতিয়া ভিক্টৰ দাসে আনন্দ প্ৰকাশ কৰিছে।এনে সাফল্যৰ পাছত ভিক্টৰে চচিয়েল মিডিয়াত প্ৰকাশ কৰিছে অনুভৱ।সাংবাদিকৰ সন্মুখত ভিক্টৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।ভিক্টৰ দাসে কয় যে,”’বাবু মই জেনুইন।মোৰ কোনো ছাত্ৰ-ছাত্ৰী পাছ নকৰে বুলি কৈছিল।কিন্তু মোৰ প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’ল লিখিত পৰীক্ষাত।”উল্লেখযোগ্য যে,তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস।অৱশ্যে পিছত ভিক্টৰ দাসে জামিনত মুক্তি পাইছিল।গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ পাছতে প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিৰ্দেশত ভিক্টৰ দাসক নিলম্বন কৰা হয়৷ভিক্টৰ দাসে ২০২১ বৰ্ষত পূৱ পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলত এগৰাকী টেট উত্তীৰ্ণ শিক্ষক হিচাপে যোগদান কৰিছিল৷ভিক্টৰ দাসে চৰকাৰী চাকৰি কৰাৰ উপৰিও ক’চিং চেণ্টাৰ এটা কোচিং চেণ্টাৰ চলাই আহিছিল।জামিন লাভ কৰাৰ পিছতে ভিক্টৰে পুনৰ আৰম্ভ কৰিছিল ছাত্ৰ-ছাত্ৰীক পাঠদানৰ কাম।