পুনৰ কৰ্তব্যলৈ ঘূৰাই অনা হ’ব অৱসৰপ্ৰাপ্ত এ এছ আইসকলক আৰু অসমত নতুনকৈ ১০ টা কামাণ্ডো বেটলিয়ন ফ’ৰ্চ আনা হ’ব- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য-পুনৰ কৰ্তব্যলৈ ঘূৰাই অনা হ’ব অৱসৰপ্ৰাপ্ত এ এছ আইসকলক।অৱসৰপ্ৰাপ্ত এ এছ আই, যিসকল ৬০ ৰ পৰা ৬৫ বছৰৰ তেওঁলোকক পুনৰ চাকৰিলৈ আনিবলৈ মই  নিৰ্দেশ দিছো।তেওঁলোকে গোচৰৰ তদন্ত কৰি অভিযোগনামা দাখিল কৰিব।আৰক্ষীৰ অপাৰেচন উইং আৰু আইন শৃংখলাৰ উইং বেলেগ বেলেগ হ’ব।মৈত্ৰী আঁচনীৰ অধীনত ৩১৯ খন আৰক্ষী থানাক সজাই তোলা হ’ব।অসমত নতুনকৈ ১০ টা কামাণ্ডো বেটলিয়ন ফ’ৰ্চ আনা হ’ব।সদনত এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।দুৰ্গম অঞ্চল বোৰত মোতায়েন কৰা হ’ব এই কামাণ্ডো বেটেলিয়নক।সকলো বেটেলিয়নৰ জোৱানৰ এমাহ ছুটী বাধ্যতামূলক কৰা হ’ব।পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবলৈকে লোৱা হৈছে এই সিদ্ধান্ত।কোৱাৰ্টাৰত থকা সকলে লাভ কৰিব ১০ দিনৰ ছুটী।এইসকল জোৱানে যিহেতু পত্নী সন্তান লগত ৰাখেই সেয়েহে পিতৃ-মাতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰিবলৈ ১০ দিনৰ বাধ্যতামূলক ছুটী প্ৰদান কৰা হ’ব। সদনত এই বিষয়ে উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।