পুনে–বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

Pc India Tv News

পুনে–বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা– পুনে–বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। নাভালে দলঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰায় ৪৮খন গাড়ী ক্ষতিগ্ৰস্ত হৈছে বুলি জনাইছে সংবাদ প্ৰতিষ্ঠান এএনআয়ে। পুনে অগ্নিনিৰ্বাপক বাহিনী আৰু পুনে মেট্ৰ’পলিটান ৰিজিঅ’ন ডেভেল’মেণ্ট অথৰিটীৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছে। বৰ্তমান পথটো সম্পূৰ্ণৰূপে বন্ধ বুলি জানিব পৰা গৈছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, এখন টেংকাৰে ব্ৰেক ফেইল কৰাত এখনৰ পিছত আনখন গাড়ীক মহতিয়াই নিয়ে। তাৰ পিছত টেংকাৰখন বাগৰি পৰাত পথৰ ওপৰত তেল বিয়পি পৰে। তেল পৰাত পথ পিচল হৈ পৰে আৰু এখনৰ পিছত আনখন বাহনে নিয়ন্ত্ৰণ হেৰুৱায়। নিশা ৯ বজাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হয়। স্থানীয় লোকে জনোৱা অনুসৰি, তীব্ৰগতিত আহিছিল টেংকাৰখন। এগৰাকী মহিলা সন্মুখত পৰাত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। যাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।