পীযুষ হাজৰিকাৰ ভূমি দখলত অখিল গগৈই জড়িত থকাৰ অভিযোগ উত্থাপন 

Pc The sentinel assam

পীযুষ হাজৰিকাৰ ভূমি দখলত অখিল গগৈই জড়িত থকাৰ অভিযোগ উত্থাপন 

ৰঙিলী বাৰ্ত্তাসেৱা- জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কাজিৰঙাৰ ভূমি বেদখল কৰাৰ বিস্ফোৰক তথ্য সদৰী কৰিছে। টুইটাৰযোগে মন্ত্ৰী হাজৰিকাই বিধায়ক অখিল গগৈয়ে কেনেদৰে বে-আইনীভাৱে কাজিৰঙাৰ মাটি দখল কৰি অৰ্কিড উদ্যান স্থাপন কৰিছে, সেই বিষয়ে প্ৰকাশ কৰে। ২০১৫ চনৰ ১ আগষ্টত অখিল গগৈ, ৰতন দাও আৰু ৫জন লোকে বোকাখাতৰ মহকুমাধিপতিৰ ওচৰত বোকাখাত ৰাজহ চক্ৰৰ অধীনস্থ কাজিৰঙা মৌজাৰ হালোৱা এন চি গাঁৱৰ ২২ বিঘা ২ কঠা ১০ লেচা চৰকাৰী খাচ মাটি আবণ্টন বিচাৰি আবেদন কৰে। সেই বছৰৰে ২ নৱেম্বৰত মহকুমা ভূমি উপদেষ্টা কমিটীৰ বৈঠকে ৮নং প্ৰস্তাৱ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড পার্ক স্থাপনৰ বাবে ২২ বিঘা ২ কঠা ১০ লেচা চৰকাৰী খাচ মাটি আবণ্টনৰ বাবে অনুমোদন জনায়। ইয়াৰ বাবে ভূমি উপদেষ্টা কমিটীয়ে প্রতিবিঘা মাটিৰ বাবে ১,০৫,৩০০ টকাকৈ প্রিমিয়াম ধার্য কৰে। ইয়াৰ বাবে তেওঁলোকে মুঠ ২৩,৬৯,২৫০ টকা প্রিমিয়াম আদায় দিলেহে সেই আবণ্টন লাভ কৰিব। কিন্তু আজিলৈকে অখিল গগৈসহ তেওঁলোকে সেই প্রিমিয়াম আদায় দিয়া নাই। বোকাখাত আৰক্ষী থানাৰ ১০০/১৮নং গোচৰ অনুসৰি ২০১৮ চনৰ ২৪ এপ্ৰিলত প্রশাসনে জৰীপ কৰি নিশ্চিত হয় যে ২২ বিঘা ২ কঠা ১০ লেচা মাটিৰ পৰিৱৰ্তে পাৰ্কখনে ২৮ বিঘা ৪ কঠা ২ লেচা মাটি দখল কৰি আহিছে। অর্থাৎ ৬ বিঘা ১ কঠা ১২ লেচা মাটি অতিৰিক্তভাৱে দখল কৰিছে। উক্ত ২৮ বিঘা মাটিয়েই আইন বহির্ভূতভাৱে অখিল গগৈ বাহিনীৰ দখলত আছে। ইয়াৰ পৰিপ্ৰেক্ষিত সেই বছৰৰে ৫ জুলাইত প্রশাসনে গোলাঘাটৰ উপায়ুক্তৰ এক নির্দেশ অনুসৰি (নং জি আৰ এছ ৪৩/২০১৬/৮১) নীতি বহির্ভূতভাৱে দখল কৰা অতিৰিক্ত ভূমিখিনি খালী কৰাৰ জাননী জাৰি কৰে। পিছে অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে দখল কৰা অতিৰিক্ত ভূমিখিনি খালী কৰি দি প্ৰশাসনক সহযোগ কৰাৰ পৰিৱৰ্তে সেই জাননীখনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন (ডব্লিউ পি (চি) নং ৪৩৮৪) দাখিল কৰে। কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্র্য উদয়ন সমবায় সমিতি লিমিটেডৰ নামত উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰি নিজকে দোষমুক্ত কৰাৰ চেষ্টা চলায়। বর্তমান বিষয়টো উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। বোকাখাত ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ এখন পত্ৰতেই এই সমস্ত তথ্য সন্নিবিষ্ট হৈ আছে।