পিতা আৰু পুত্ৰৰ কথা
(1)
পুত্ৰই বিচাৰিছে পিতাৰ সৈতে কথা পাতিবলৈ,
কাম এৰি পিতা গল পুত্ৰৰ ওচৰলৈ।
উলাহেৰে দুয়োৰে মুখত যেন শৈশৱৰ কথা,
দুয়ো যেন আনন্দত খেলিছে হাতী-ঘোঁৰা।
পুত্ৰ এনে যেন ফুলৰ কলি,
আনজন এনে যেন দুপৰীয়াৰ বেলি।
(2)
পিতৃৰ জাগি উঠিল শিশুৰ দৰে মন,
দুয়ো কথা পাতি যেন হৈছে মগন।
পুত্রয়ে কলে “সাজিম ঘৰ মই ইয়াতে,
থাকিম আমি সকলো একেলগে।
থাকিব তাত ফুলনি বাগিছা, আৰু ফুল ফুলিব,
আমাৰ ঘৰখন সকলোৱে ঘুৰি ঘুৰি চাব।
কৰিম দেশৰ বাবে কাম মই সুযোগ পালে,
ৰাখিম তোমালোকক মই অতি যতনেৰে।
থাকিব পুখুৰী আমি সাতুৰিবলৈ”,
পুত্ৰৰ কথা এনে যেন বোৱতী নৈ।
(৩)
পিতায়ে কলে মৰমেৰে ময়ো সাজিছিলোঁ এনে ঘৰ মনতে,
পিতাৰ যেন শৈশৱৰ কথা মনত পৰিছে।
“ময়ো ককাক কৈছিলোঁ সাজিম সপোনৰ ঘৰ,
সেই সপোনৰ ঘৰখন আছিল অতি মৰমৰ।
‘শুনিছিলোঁ ককাৰ পৰা বহু সাধু কথা,
তুমিয়েই সেই সাধুৰ জিলিকি থকা তৰা।
পঢ়িছিলোঁ মই জ্বলাই চাকি,
সেইদিনবোৰ মই যোৱা নাই পাহৰি।
কৰিছিলোঁ ধেমালি মই সমনীয়াৰ লগত,
শুনিছিলোঁ তেতিয়াৰ গান ৰেডিঅ’ত”।
(8)
দুয়োৰে কথাৰ যেন নাই সামৰণি,
দুয়োৰে শিশুৰ দৰে কথাত যেন আনন্দত আছে ধৰণী।
ফুলৰ কলি আৰু দুপৰ বেলিৰে মৰমৰ ফুল ফুলিছে,
এই ফুলে যেন চাৰিওফালে সুবাস বিয়পাইছে।
শেষত মাতৃ আহি মৰমেৰে দুয়োকে সাৱটিলে,
পৰিয়ালৰ এই মধুৰ মিলন যেন, ঈশ্বৰেও স্মৰণ কৰিলে।
-নিতিষ্মান দাস
সপ্তম শ্রেণী