পিচিবিৰ অধ্যক্ষ পদৰ বাবে আগ্রহ ৱাছিম আক্ৰাম

pc- WIkipedia

পিচিবিৰ অধ্যক্ষ পদৰ বাবে আগ্রহ ৱাছিম আক্ৰাম

অনলাইন বাৰ্ত্তাসেৱা- এহছান মালিৰ কাৰ্যকাল অন্ত পৰাৰ পাছত পাকিস্তান ক্রিকেট ব’ৰ্ডৰ অধ্যক্ষ পদৰ বাবে পাকিস্তানী ক্রিকেটাৰ ৱাছিম আক্রামে পদটিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। পাকিস্তান ক্রিকেট ব’ৰ্ডে এই পদৰ বাবে তেওঁৰ নাম বিবেচনালৈ অনাছিল। পাকিস্তান ক্রিকেট ব’ৰ্ডৰ পৃষ্ঠপোষক তথা দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰান খানে উক্ত পদৰ বাবে ৰামিজ ৰাজাৰ নাম ইতিমধ্যে প্ৰেৰণ কৰিছে। কিন্তু এইক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰিছে যে পিচিবিৰ অধ্যক্ষ পদৰ বাবে এই মুহূৰ্তত ৰামিজ হ’ল প্ৰথম পচন্দৰ ব্যক্তি৷ সূত্ৰ এটাৱে সদৰী কৰা অনুসৰি আনকি এটা সময়ত আক্ৰামৰ নাম তালিকাৰ শীৰ্ষত আছিল। কিন্তু কেৰিয়াৰৰ সময়ছোৱাত এক মেচ ফিক্সিং কেলেংকাৰীত তেওঁৰ নাম সাঙোৰ খাই থকা বাবে ৱাছিমতকৈ ৰামিজ ৰাজাক অগ্ৰাধিকাৰ দিলে ইমৰান খানে।

(RT)