পিএফআইৰ ১০ জনকৈ সদস্যক আটক নিয়া(NIA)ৰ

Pc Hindustan Times

পিএফআইৰ ১০ জনকৈ সদস্যক আটক নিয়া(NIA)ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নিয়াই পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআইৰ ১০ জনকৈ সদস্যক আটক কৰে। নিয়াই আটক কৰা পিএফআইৰ সদস্য কেইজন ক্ৰমে; আমিনুল হক, আব্দুল ৰজ্জাক, ৰবিউল হুছেইন, নজৰুল ইছলাম ভূঞা, ৰফিকুল ইছলাম, আবু চামা আহমেদ, ফাৰহাদ আলী, খলিলুৰ ৰহমান, মুফতি ৰহমতুল্লাহ আৰু বাজলুল কৰিম।  অভিযোগ অনুসৰি সংগঠনৰ এই সদস্যকেইজনে ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ লগতে চৰকাৰৰ প্ৰতিটো নীতিক সাম্প্ৰদায়িক প্ৰভাৱৰ সৈতে সমালোচনা কৰি ধৰ্মীয় সংখ্যালঘুসকলৰ সাম্প্ৰদায়িক আৱেগ অনুভূতিক আঘাত কৰি আহিছিল। ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন, এন আৰ চি আৰু ‘ডি’-ভোটাৰ, নতুন ৰাজ্যিক শিক্ষা নীতি, গো-সুৰক্ষা আইন, এএফএছপিএৰ সম্প্ৰসাৰণ, টেট পৰীক্ষা, অগ্নিবীৰ আঁচনি, বেদখল কৰা চৰকাৰৰ ভূমিসমূহ চৰকাৰৰ কাৰ্যকলাপৰ চৰ্ত হিচাপে গণ্য কৰা আদি বিভিন্ন কাৰ্যকলাপেৰে সংঘাতৰ সৃষ্টি কৰি আহিছিল।  ইয়াৰ লগতে, পিএফআইৰ এই সদস্য কেইজনে ৰাজ্যৰ বাহিৰত সংঘটিত হোৱা বিষয়বোৰক লৈ সামাজিক মাধ্যমৰ জৰিয়তে ভুৱা প্ৰচাৰ চলাই চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণক বিপথে পৰিচালিত কৰি আহিছিল।