পানবজাৰত অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সন্থাৰ বিক্ষোভ

পানবজাৰত অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সন্থাৰ বিক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নচৰ ফালৰ পৰা আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বেঙ্ক ব্যক্তিগতকৰণৰ বিৰুদ্ধে ১৬ আৰু ১৭ ডিচেম্বৰত দুদিনীয়া ধৰ্মঘটৰ প্ৰথমদিনা বেঙ্ক ধৰ্মঘট সফলভাৱে পালন কৰা হয়।এই ধৰ্মঘটৰ লগত সামঞ্জস্য ৰাখি  গুৱাহাটীত পি এন বি পানবজাৰৰ সন্মুখত অসম প্ৰাদেশিক বেঙ্ক কৰ্মচাৰী সন্থাৰ ফালৰ পৰা বিক্ষোভ কাৰ্য্যসূচী পালন কৰা হয়।এই বিক্ষোভ কাৰ্য্যসূচীত অ:প্ৰাঃবেঃকঃসঃৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ শৰ্মাই বেঙ্ক ব্যক্তিগতকৰণৰ বিৰুদ্ধে বক্তব্য ৰাখি ইয়াৰ ফলত দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হ’ব বুলি উল্লেখ কৰে।এই কাৰ্য্যসূচীত অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ, অসম ৰাজ্যৰ  সাধাৰণ সম্পাদক ৰমেন দাস উপস্থিত থাকি সমমৰ্মিতা আৰু সমৰ্থন প্ৰকাশ কৰি বেঙ্ক কৰ্মচাৰীৰ  সংগ্ৰামৰ লগত সদায় জড়িত হৈ থকাৰ আশ্বাস প্ৰদান কৰে।