পাণ্ডু বন্দৰত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ বিভিন্ন কাম-কাজৰ পর্যালােচনা কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে

পাণ্ডু বন্দৰত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ বিভিন্ন কাম-কাজৰ পর্যালােচনা কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে পাণ্ডু বন্দৰত উপস্থিত হৈ ভাৰতীয় অভ্যন্তৰীণ জলপথপ্রাধিকৰণৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় আৰু প্ৰাধিকৰণৰ অধীনত অসম তথা উত্তৰ-পূবত ৰূপায়ণ হ’বলগীয়া আৰু ৰূপায়ণ হৈ থকা বিভিন্ন প্রকল্পৰ অগ্রগতি পর্যালােচনা কৰে। অসম তথা উত্তৰ-পূর্বাঞ্চলৰ অর্থনীতি গতিশীল কৰাৰ ক্ষেত্ৰত জলপথৰ শক্তি-সম্ভাৱনাক অনুধাৱন কৰি ইয়াৰ উপযুক্ত অন্বেষণৰ ওপৰত তেওঁ গুৰুত্ব আৰােপ কৰে। পাণ্ডু বন্দৰত নির্মাণ হ’বলগীয়া জাহাজ নির্মাণ কেন্দ্ৰৰ কাৰিকৰী আৰু অন্যান্য বিভিন্ন দিশৰাে তেওঁ বুজ লয়।২০২২ চনৰ মে’ মাহৰপৰা ইয়াৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব আৰু ইয়াৰ নিৰ্মাণৰ দুবছৰৰ ভিতৰত সম্পূর্ণ কৰা হ’ব। এই কেন্দ্ৰটোৰ কাম সম্পূর্ণ হ’লে অসমতে জাহাজ মেৰামতিৰ কাম অতি কম সময়ত আৰু কম খৰচতে সম্পন্ন কৰিব পৰা যাব। আই আই টি মাদ্রাছে এই কেন্দ্র নির্মাণৰ সৈতে জড়িত কাৰিকৰী দিশসমূহৰ তদাৰক কৰি আছে। ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু কোচিন শ্বিপয়ার্ড লিমিটেডৰ যৌথ প্রচেষ্টাত এই কেন্দ্ৰটোৰ নির্মাণ আৰম্ভ হ’ব।তেওঁ কয় যে, “ইংৰাজ শাসনকালত বৰ্তমানৰ ভাৰত-বাংলাদেশ প্রট’কল ৰুট হিচাপে পৰিগণিত হােৱা জলপথছােৱাৰ যথেষ্ট গুৰুত্ব আছিল। কিন্তু পৰৱর্তীকালত সেই গুৰুত্ব ভালেখিনি লাঘৱ হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত থলুৱা কৃষকৰদ্বাৰা উৎপাদিত কৃষি সামগ্ৰীৰ উপযুক্ত বজাৰকৰণ,আমদানি-ৰপ্তানি আদি প্রক্রিয়া লেহেমীয়া হৈ পৰিছিল। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী সবল নেতৃত্বত আৰু “এক ইষ্ট প’লিচী”ৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰত-বাংলাদেশ প্রট’কল জলপথে পুনৰ প্ৰাণ পাই উঠিছে। এই জলপথক উন্নীত কৰি বেপাৰ-বাণিজ্য, আমদানি-ৰপ্তানি ত্বৰান্বিত কৰাত আমি গুৰুত্ব আৰােপ কৰিছোঁ। ইয়াৰ জৰিয়তে  অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক ৰাইজ আৰু থলুৱা উদ্যমীসকল যথেষ্ট উপকৃত হ’বলৈ ধৰিছে।” অসমৰ মাজেৰে যােৱা ৰাষ্ট্ৰীয় জলপথসমূহ যেনে- ব্রহ্মপুত্র,বৰাক, ধনশিৰি আদি সম্পর্কীয় নদী আন্তঃগাঁথনি উন্নত কৰাত বিশেষ অগ্রাধিকাৰ দিবলৈ বিষয়ববীয়া সকলক কেন্দ্রীয় মন্ত্রীজনে আজি নির্দেশ দিয়ে। তদুপৰি, উত্তৰ-পূবৰ বিভিন্ন স্থানত কাৰ্গ’ তথা টুৰিষ্ট জেব্রী আৰু টার্মিনেলৰ উন্নীতকৰণ, জলপথৰ খনন আদি কামবােৰ খৰতকীয়া কৰিবলৈও বিষয়ববীয়াক তেওঁ নির্দেশ দিয়ে।