পাকিস্তানত দুখন ৰে’লৰ মাজত সংঘৰ্ষ; ৫০ জন নিহত, ৭০ জন আহত

pc National Herald

অনলাইন বাৰ্ত্তাসেৱা – সোমবাৰে পুৱা পাকিস্তানৰ দক্ষিণ সিন্ধু প্ৰদেশত দুখন যাত্ৰীবাহী ৰে’লৰ সংঘৰ্ষ হয়, যাৰ ফলত কমেও ৫০ জন লোক নিহত হয় আৰু ৭০ জন লোক আহত হয়। কৰ্তৃপক্ষই উদ্ধাৰ আৰু সাহায্য অভিযানৰ প্ৰত্যাহ্বানমূলক কামৰ বাবে সেনা আৰু অৰ্ধসামৰিক বাহিনী প্ৰেৰণ কৰে।

পাকিস্তান ৰে’লৱেৰ এজন মুখপাত্ৰই জনোৱা মতে, কৰাচীৰ পৰা চাৰগোধালৈ যোৱা মিল্লাত এক্সপ্ৰেছ ৰে’লখন লাইনচ্যুত হৈ বিপৰীত পথত পৰি ৰাৱালপিণ্ডিৰ পৰা কৰাচীলৈ যোৱা ছাৰ চৈয়দ এক্সপ্ৰেছৰ সৈতে সংঘৰ্ষ হয়। আৰু ইয়াৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

মিল্লাত এক্সপ্ৰেছ ৰে’লখনৰ বুগীবোৰ বাগৰি যোৱাৰ পিছত এই সংঘৰ্ষ সিন্ধুৰ ঘোটকী জিলাত অৱস্থিত ধাৰ্কি চহৰৰ ওচৰত সংঘটিত হয়। এই ঘটনাৰ পিছতেই ঘোটকী, ধাৰ্কি, ওবাৰো আৰু মিৰপুৰ মেথেলোৰ চিকিৎসালয়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।