পাঁচ ৰাজ্যৰ ফলাফলে প্ৰমাণ কৰিলে ভোটাৰৰ মনোভাৱ এতিয়া ভোটাৰে নিবিচাৰে জাত-পাতৰ ৰাজনীতি-  গোপাল জালান

pc. The Quint

পাঁচ ৰাজ্যৰ ফলাফলে প্ৰমাণ কৰিলে ভোটাৰৰ মনোভাৱ এতিয়া ভোটাৰে নিবিচাৰে জাত-পাতৰ ৰাজনীতি

 গোপাল জালান

বিকাশৰ শ্ল’গানৰ সন্মুখত জাত-পাত, ধৰ্ম, সমাজ বিভাজনৰ ৰাজনীতিয়ে এতিয়া আৰু ভোটাৰ ৰাইজক আকৰ্ষিত কৰিব নোৱাৰে। আজি ভোটাৰসকল সতৰ্ক। সেইবাবে যিবোৰ দলে ইমানদিনে জাত-পাত, বিভাজনৰ ৰাজনীতিৰে ভোটাৰ ৰাইজক আভুৱাভাৰি আহিছিল সেই মন্ত্ৰই এতিয়া আৰু ভোটাৰক আকৰ্ষণ কৰিব নোৱাৰে। তদুপৰি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰাও ভোটাৰসকলে আঁতৰি আহিছে। এখন ৰাজ্য বা দেশত এটা পৰিয়ালেই যে শাসনভাৰৰ নেতৃত্ব ল’ব লাগিব সেয়া কোনো কথা হ’ব নোৱাৰে। এখন দেশ বা ৰাজ্যৰ ৰাজনীতি এটা পৰিয়ালৰ হাতত নিয়ন্ত্ৰিত হ’ব লাগে বুলিও কোনো যুক্তি নাই। বিগত পাঁচ দশকত এনেদৰে শাসনভাৰ লোৱা দলবোৰ এতিয়া ভোটাৰৰ বাবে এলাগী হ’ল। ৰাইজে এতিয়া এইবোৰকলৈ ব্যস্ত নহয়। এতিয়া সকলোকে লাগে কেৱল বিকাশ। এই বিকাশ কোনটো অঞ্চলত হৈছে তাৰ ওপৰতে ভোটাৰ ৰাইজৰ দৃষ্টি নিবদ্ধ। কাৰণ বিগত সময়ছোাত দেশৰ এনে কিছু অঞ্চল আছে যিবোৰত কোনো দিনেই বিকাশৰ ৰেঙনি পৰা নাই। এনে অঞ্চলৰ ৰাইজক মাথো নিৰ্বাচনৰ সময়ত বিভিন্ন দলৰ নেতাই ভাষণৰ ফুলজাৰিৰে উন্নয়ন বা বিকাশ কৰি দিব বুলি কয়। দীৰ্ঘদিনীয়া বঞ্চনা আৰু ফাঁকিবাজৰ ৰাজনীতিয়ে এনেবোৰ অঞ্চলৰ ভোটাৰক আমুৱাইছে। শেহতীয়াভাৱে দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত নিৰ্বাচন আৰু উপ-নিৰ্বাচনত ইয়াৰেই প্ৰতিফলন ঘটিছে। বিশেষকৈ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডৰ নিৰ্বাচনী ফলাফলে এই কথাকে প্ৰতিফলন ঘটাইছে।
উত্তৰ প্ৰদেশত বিগত কে’বাদশক ধৰি সমাজবাদী পাৰ্টি বহুজন সমাজবাদী পাৰ্টিৰ লগতে আন কে’বাটাও দলে বিগত সময়ছোৱাত জাত-পাতৰ ৰাজনীতিৰে সহজ-সৰল অনগ্ৰহসৰ অঞ্চলৰ ভোটাৰক প্ৰৱঞ্চনা কৰি আহিছিল। প্ৰৱঞ্চনা বুলি এই কাৰণেই কোৱা হৈছে যে এই দলসমূহে ৰাইজক বিজয়ৰ আমোঘ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি পাছত তেওঁলোকৰ পিঠিত ৰামটাঙোন সোধায়। বিগত কে’বাদশক এনে ৰাজনীতি পৰিসৰ এতিয়া ভোটাৰে বুজি পাইছে যে জাত-পাত, পৰিয়ালকেন্দ্ৰীক ৰাজনীতি কেৱল কেইজনমান নেতা-পৰিয়ালৰ বাবেহে। এনেধৰণৰ পৰিয়ালৰ ওচৰত ৰাইজে হাত পাতিব লাগে। পৰিয়ালকেইটাই ইচ্ছা কৰিলে দিব আৰু যদি ইচ্ছা নকৰে লঠিয়াই একেবাৰে খালত পেলাই দিয়ে। আনহে নালাগে যদি কোনো এনে দলৰ জনপ্ৰতিনিধিয়ে পৰিয়ালসমূহৰ বিৰুদ্ধে মাত মাতে তেতিয়াহ’লে তেওঁৰ ৰাজনৈতিক জীৱনৰো ইতি পৰে। পিছৰবাৰ নিৰ্বাচিত দলীয় টিকটৰ পৰা বঞ্চিত হ’বলগীয়া হয়। উত্তৰ প্ৰদেশত নলিতকলৈ ইমানদিনে মূলাযম সিং যাদৱ, মায়াৱতী আদিয়ে ৰাজনীতি কৰিলে। এইসকল দলিতে এতিয়া বুজি পাইছে যে তেওঁলোকক এনেধৰণৰ নেতাই কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে। শেহতীয়াভাৱে সংখ্যালঘুনেতা আছাদুদ্দিদ ৱেইছিছে এথাই এম আই এমৰ জৰিয়তে ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ যি চেষ্টা চলালে সেয়া কামত নাহিল। কাৰণ এতিয়া সংখ্যালঘু লোকসকলেও বুজি পাইছে যে এনেধৰণৰ নেতাই কেৱল ব্যক্তিগত লাভালাভৰ বাবে ধৰ্মৰ ভিত্তিত ভোট ভিক্ষা কৰে। ধৰ্মৰ নামত ভোট ভিক্ষা কৰিলেও এইবাৰে উত্তৰ প্ৰদেশত ভোটাৰে এনে নেতাৰ আহ্বানক আওকাণ কৰিলে। এয়া দেশৰ ৰাজনীতিৰ বাবে শুভ লক্ষণ। বিগত সময়ছোৱাতে বিশেষকৈ পাঁচ বছৰে বিৰোধী দলসমূহে কেৱল বিজেপি চৰকাৰক সমালোচনাতে ব্যস্ত থাকিল। গণতন্ত্ৰক ৰাজনীতি বিৰোধী দলে শাসকীয় দল বা চৰকাৰক সমালোচনা কৰাটো আদৰণীয়। কাৰণ বিৰোধীয়ে সমালোচনা নকৰিলে চৰকাৰ এক নায়কত্ববাদী হোৱাটো নিশ্চিত। পিছে বিৰোধীয়ে চৰকাৰক সমালোচনা কৰাৰ নামত যদি কেৱল এজন বা দুজন নেতাকেই হকে-বিহকে গালি-গালাজ কৰি থাকে তেনেহ’লে ৰাইজে এসময়ত অতিষ্ঠ হৈ পৰিবই। চৰকাৰক বিৰোধীয়ে গালি পৰা বা সমালোচনা কৰাৰ সময়ত একাংশলোকে সহযোগ কৰা অথবা প্ৰশংসা কৰাটোৱে এইটো নুসুচায় যে প্ৰত্যক্ষ-পৰোক্ষভাৱে তেওঁলোকে বিৰোধীক ভোট দিব। সদায় নেতিবাচক সমালোচনাৰ পৰিৱৰ্তে যদি বিৰোধীয়ে ইতিবাচক সমালোচনা কৰে তেনেহ’লে তেনে সমালোচনাৰ প্ৰতি সকলো আকৰ্ষিত হয়। পিছে যদি সমালোচনাৰে নামটো যদি দলসমূহে কেৱল জাত-পাত, ধৰ্মৰ ৰাজনীতিকে কৰে তেনেহ’লে সেয়া দলটো বা নেতাজনৰ বাবে হিতে বিপৰীত হোৱাৰো সম্ভাৱনা থাকে। চুবুৰীয়া ৰাষ্ট্ৰৰ বিৰুদ্ধে যেতিয়া ভাৰতে যুদ্ধসদৃশ পৰিৱেশেৰে শত্ৰুপক্ষক সকীয়াই দিব খোজে সেই সময়ত কিছুমান দলৰ নেতাই সমালোচনা কৰি শত্ৰু ৰাষ্ট্ৰক প্ৰশংসা কৰিলে তেনে দল-নেতাক ৰাইজে আৰু কিয় আকোৱালি ল’ব। এতিয়া ৰাইজে বিকাশ বিচাৰে। যোগী আদিত্য নাথে বিগত পাঁচ বছৰত উত্তৰ প্ৰদেশত গুণ্ডাৰাজ নোহোৱা কৰিলে। ইমানদিনে গুণ্ডাগিৰি কৰি দুৰ্বল লোকক হাৰাশাস্তি কৰাৰ লগতে এনে য়লোকৰ নামত ৰাজনীতি কৰি জনসাধাৰণক যিদৰে হাৰাশাস্তি কৰিছিল বিগত পাঁচ বছৰত ৰাইজে এনে পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছে। দলিত লোকসকলৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলে। কেন্দ্ৰীয় চৰকাৰে তিনি তালাক বিলোপেৰে মহিলাক সুৰক্ষা দিশত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া বিৰোধীয়ে কেৱল নেতিবাচক দৃষ্টিৰেই চালে। যিকোনো কথাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকেই গালি-গালাজ দিয়েই সময় অতিবাহিত কৰিলে। তাৰ পৰিৱৰ্তে বিৰোধীয়ে জনসাধাৰণৰ আৱেগ-অনুভূতি বুজিবলৈ চেøষ্টা নকৰিলে। ভোট যুদ্ধৰ পূৰ্বে কিছুমান এনেদলৰ স’তে সমাজবাদী পাৰ্টি, বহুজন সমাজবাদী পাৰ্টি আদিয়ে মহাজোঁট কৰিলে যিবোৰে সদায় ভাৰতীয় ৰাজনীতিত জাত-পাত, ধৰ্মকলৈ ব্যস্ত হৈ আহিছে। ভোটাৰ ৰাইজে বিচাৰে বিকাশা শ্ল’গান দিয়াটো। কাৰণ সেয়া, ৰাষ্ট্ৰৰ বিকাশ নহ’লে ভোটাৰ ৰাইজ সদায় পিছপৰি থাকিব। বিৰোধীয়ে অন্ততঃ এনে শোচনীয় পৰাজয়ৰ পৰা শিক্ষা লোৱা উচিত। অচল টকাৰ দৰে ৰাষ্ট্ৰীয় দলৰ পিঠিত উঠি দেশ চলোৱাৰ ৰাজনীতি পৰিহাৰ কৰিবই লাগিব। নহ’লে বাৰে বাৰে খাব মুখ থেকেচা। আম আদমী পাৰ্টিয়ে বিকাশৰ শ্ল’গানলৈ ৰাজ্যখনত নিৰ্বাচিত অৱতীৰ্ণ হোৱা বাবে লাভ কৰিলে আশাশুধীয়া ফলাফল। সেইবাবে আজি ভাৰতীয় ৰাজনীতিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ বিপৰীতে ৰাহুল গান্ধী, অখিলেশ যাদৱ, তেজস্বী যাদৱৰ অৱস্থা ভাবকচোন।