পাঁচ শতাধিক নেতা-কর্মীৰ আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান

pc The sentinel Assam

পাঁচ শতাধিক নেতা-কর্মীৰ আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম গুৱাহাটী অগপৰ কালাপানী গাৰো জনজাতি যুৱ সংঘত এখন যোগদান সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।অগপৰ নেতা গজেন মাৰাকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে অগপৰ সাধাৰণ সম্পাদক সুভাষ শর্মা, | পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, পশ্চিম | গুৱাহাটী বিধান পৰিষদৰ উপ-সভাপতি ভূপেন ঠাকুৰীয়াৰ লগতে অগপ নেতা ক্ৰমে ধনজিৎ ৰাজবংশী, বিজয় মাৰাক, কমলা প্রধান, নাৰায়ণ ভাণ্ডাৰী আৰু একনাট শৰ্মা। সভাখনত অগপৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বৃহত্তৰ কালাপানী, দ্বাৰকা নগৰ, গাৰোবস্তি, মিঠা আমতল, ৰাজীৱ নগৰ, মিকিঘুলি, বনফুল নগৰ দেৱীপথ, নেপালী বস্তি, বেলতলা আৰু নালাপাৰা অঞ্চলৰ প্ৰায় পাঁচ শতাধিক নেতা-কর্মীয়ে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান কৰে।