পশ্চিম বংগত ৰাজ্যজুৰি কোভিড-১৯ৰ নিষেধাজ্ঞা ১ জুলাইলৈ বৃদ্ধি

pc Navbharat Times

অনলাইন বাৰ্ত্তাসেৱা – এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, “এই নিষেধাজ্ঞা ১ জুলাইলৈ বৃদ্ধি কৰা হৈছে। নিশা ৯ বজাৰ পৰা পুৱা ৫ বজাৰ ভিতৰত মানুহৰ চলাচলত বাধা আৰোপ কৰা হৈছে। অৱশ্যে, অত্যাৱশ্যকীয় সেৱাবোৰ ৰেহাই দিয়া হৈছে। সকলো চৰকাৰী কাৰ্যালয়ত ২৫ শতাংশ কৰ্মচাৰীৰকহে কাম কৰিবৰ বাবে অনুমতি দিয়া হৈছে। ব্যক্তিগত আৰু কৰ্পোৰেট কাৰ্যালয়সমূহ পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ খোলা থাকিব আৰু ২৫ শতাংশতকৈ অধিক কৰ্মচাৰী থাকিব নোৱাৰে। ব্যক্তিগত কাৰ্যালয়ে ‘ই-পাচ’ৰ জৰিয়তে কৰ্মচাৰীসকলৰ বাবে পৰিবহন সেৱাৰ ব্যৱস্থা কৰিব পাৰে।”

“শ্বপিং মল আৰু কমপ্লেক্সৰ দোকানসমূহ ৫০ শতাংশ কৰ্মচাৰীৰ সৈতে পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। দৰ্শকৰ অবিহনে ক্ৰীড়া কাৰ্যকলাপ পুনৰ আৰম্ভ হ’ব পাৰে। সকলো শিক্ষা প্ৰতিষ্ঠান আৰু জলপথ বন্ধ হৈ আছে। জৰুৰীকালীন অৱস্থাৰ বাহিৰে ব্যক্তিগত বাহনৰ চলাচল স্থগিত ৰখা হ’ব,” মমতা বেনাৰ্জীয়ে কয়।