পশ্চিম বংগত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ ১২ টা ডবা লাইনচ্যুত হোৱাৰ পিছত মৃত্যুৰ সংখ্যা ৭ লৈ বৃদ্ধি

p.c. ANI News

পশ্চিম বংগত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ ১২ টা ডবা লাইনচ্যুত হোৱাৰ পিছত মৃত্যুৰ সংখ্যা ৭ লৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিম বংগত বৃহস্পতিবাৰে গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ ১২ টা ডবা লাইনচ্যুত হোৱাৰ ফলত কমেও সাতজন লোক নিহত হয় আৰু ৪০ জনৰো অধিক লোক আহত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে। দুৰ্ঘটনাটোৰ কাৰণ বিচাৰি বলৈ এক উচ্চ-স্তৰৰ অনুসন্ধানৰ নিৰ্দেশ দিয়া হৈছে। আহতসকলক জলপাইগুৰি আৰু মায়নাগুৰিৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, বিষয়াসকলে লগতে কয় যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।