পবিত্ৰ ভাদ মাহৰ তাৎপৰ্য: বিশ্বাস আৰু পৰম্পৰা — বন্দিতা শৰ্মা কন্দলী

pc-wiki

পবিত্ৰ ভাদ মাহৰ তাৎপৰ্য: বিশ্বাস আৰু পৰম্পৰা
অসমীয়া বাৰ মাহৰ প্ৰতিটো মাহৰেই স্বকীয় বৈশিষ্ট্য আছে। প্ৰতিটো মাহে প্ৰকৃতিৰ সৈতে একাত্ম হৈ আত্মবৈশিষ্ট প্ৰতিফলনেৰে সৌন্দৰ্য্যমণ্ডিত আৰু অসমীয়া সমাজ জীৱনত ইয়াৰ প্ৰভাৱো সুদুৰপ্ৰসাৰী।শাওন আৰু ভাদ মাহৰ সংক্ৰান্তিৰ দিনাৰে পৰা আৰম্ভ হোৱা ভাদ মাহ অসমীয়া বছৰৰ পঞ্চম টো মাহ। শৰৎ ঋতুৰ অন্তৰ্গত এই ভাদ মাহৰ ভাদ নামৰ উৎপত্তি হৈছে ʼপূৰ্বভাদ্ৰপদʼ নামৰ নক্ষত্ৰৰ পৰা।
অসমীয়া কৃষিজীৱি মানুহে ভাদ মাহত কৃষি কৰ্মৰ পৰা আহৰি পায়। এই মাহৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হৈছিল। শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱৰ সময়ত এক উজ্জ্বল জ্যোতিয়ে প্ৰকৃতিৰ ৰূপ অতুলনীয় কৰি তুলিছিল। কৃষ্ণ লীলাই সকলোৰে হৃদয়ত স্থান লৈছিল। তেওঁক আৱৰ্ত কৰিয়েই গঢ় লৈ উঠিছিল নৱ বৈষ্ণৱ ধৰ্ম আৰু অসমীয়া সংস্কৃতিৰ এটি নৱযুগ। অসমত নৱবৈষ্ণৱ ধৰ্ম বা একশৰণ নামধৰ্মৰ বীজ ৰোপণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। তেখেতৰ এই ৰসময়ী ভক্তিময়ী ধাৰাই অসমীয়া সমাজ জীৱনক সুপ্ৰতিষ্ঠিত কৰি বৰ্ণ ভেদা-ভেদ নিৰ্মুল কৰি সুশৃংখল ৰূপে গঢ়ি তুলিবলৈ প্ৰতিষ্ঠা কৰিছিল সত্ৰ আৰু নামঘৰ।ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰো তিৰোধান তিথি।এই পবিত্ৰ মাহতেই বৈষ্ণৱ গুৰু শ্ৰীহৰিদেৱৰো আবিৰ্ভাৱ হৈছিল। সেয়ে এই ভাদ মাহ অসমীয়া লোকসমাজৰ অতি পবিত্ৰ মাহ। অসমৰ প্ৰতিখন সত্ৰ, নামঘৰতে এই গোটেই মাহ ধৰি চলি থাকে হৰি নামৰ শ্ৰৱণ কীৰ্তন আৰু স্মৰণ।জন বিশ্বাস মতে এই শ্ৰৱণ কীৰ্তন আৰু স্মৰণ ৰ জৰিয়তেই লাভ কৰিব পাৰে বৈকুণ্ঠ।আয়তিৰ নাম প্ৰসংগৰে মুখৰিত হৈ থাকে নামঘৰৰ মজিয়া।ভাদ মাহৰ অষ্টমী তিথিত অতি উলহ মালহ আৰু ভক্তিভাৱেৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথি জন্মাষ্টমী পালন কৰা হয়। জন্মাষ্টমী ৰ পাছদিনা নন্দোৎসৱ পতা হয়।ভাদ মাহত শ্ৰীকৃষ্ণই জন্ম লাভ কৰিছিল বাবেই এই মাহটো হিন্দু ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ মাহ হিচাপে গণ্য কৰে। সেয়ে ভক্তপ্ৰাণ লোকে পৰিয়ালৰ মংগল কামনাৰে এই মাহতে মাহ- প্ৰসাদ, ফল-মূল আদিৰে শৰাই আগবঢ়াই সেৱা জনাই আৰ্শীবাদ লয়। গুৰুজনাৰ অৱদান নাম-কীৰ্তনৰ ধ্বনিয়ে সকলোৰে মনলৈ ভক্তি ভাৱ আনে। সেয়ে ভাদ মাহ এটা পৱিত্ৰ পুণ্যৰ মাহ।
ভাদ মাহৰ লগত অসমীয়া সংস্কৃতিৰ বহু লোক বিশ্বাস বা লোকাচাৰ জড়িত হৈ আছে। এনে এক পবিত্ৰ মাহত সন্তান জন্ম হ’লে জাতক তেজস্বী,ধনবান হয় বুলি বিশ্বাস কৰে। আকৌ ভাদ মাহত কোনো লোকৰ মৃত্যু হ’লে পৰিয়ালৰ বাবে অমংগল বুলি ভবা হয়।ভাদ মাহত ক’লা ৰঙৰ গৰুৱে পোৱালি জন্ম দিলে অশুভ বুলি ভাৱি হোম – যজ্ঞ কৰে । সেই গৰুৰ গাখীৰ কোনো শুভ কামত ব্যৱহাৰ নকৰে। এই মাহত বিয়া-বাৰু নাপাতে। আনকি কলগছ ও নোৰোৱে।
এই মাহত খাদ্য বিচাৰো মন কৰিবলগীয়া।ভাদ মাহত সৰিয়হ বটা,ওলকচু খাব লাগে। ঔ টেঙাৰ সৈতে সৰু মাছৰ জোল খালে মানুহ নিৰোগী আৰু দীৰ্ঘজীৱী হয় বুলি বিশ্বাস কৰে। তাৰোপৰি ভাদ মাহৰ প্ৰখৰ ৰʼদত বাকচৰ কাপোৰ ৰʼদত উলিয়াই দিয়ে। তেতিয়া উঁই পোক পৰুৱা আদিয়ে নষ্ট কৰাৰ ভয় নাথাকে।
পৌৰাণিক আখ্যান মতে ভাদ মাহৰ শুক্লা নৱমী তিথিত মহামুনি শুকদেৱে শাপগ্ৰস্ত পৰীক্ষিত ক সাতদিন সাতৰাতি ভাগৱত পাঠ কৰি শুনাইছিল। সেয়ে অসমীয়া সমাজত অতি ভক্তিভাৱেৰে,বিশ্বাসেৰে অখণ্ড ভাগৱত পাঠ বৰ্তমানেও কৰা দেখা যায়।মুঠৰ ওপৰত ভাদ মাহৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ।ভাদ মাহ সোমোৱাৰ লগে লগেই মন উৰা মাৰে স্কুলীয়া দিনলৈ। আমাৰ দিনত দশম শ্ৰেণীৰ ছাত্ৰ – ছাত্ৰীসকলে বাছ ভাড়া কৰি ভাদ মাহত বৰ নামঘৰলৈ যোৱাতো নিয়ম আছিল। পৰীক্ষাত ভাল ফল পাবলৈ আশিস বিচাৰি যোৱা হয় যদিও আধ্যাত্মিক ভাবনাৰ লগতে অনাবিল আনন্দ অনুভৱ কৰিছিলোঁ। বৰ্তমান কভিড উত্তৰ কালত এনে যাত্ৰা হ্ৰাস পাইছে যদিও এই পবিত্ৰ মাহত সত্ৰ,নামঘৰ হৰিনামৰ ধ্বনি,হাত চাপৰিৰে মুখৰিত হৈ থাকে। এনে হৰি ভক্তি আৰু হৰি নামৰ শ্ৰৱণ কীৰ্তন আৰু স্মৰণে জাতি,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ থকাৰ সংকল্প লওঁ আহক।

বন্দিতা শৰ্মা কন্দলী