পথ দুৰ্ঘটনাত কৰুণ মৃত্যু সদৌ তাই আহোম ছাত্ৰ সন্থাৰ নেতা জয়ন্ত সন্দিকৈৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এক অতি শোকাৱহ পথ দুৰ্ঘটনা।শিৱসাগৰ জিলাৰ হাঁহচ’ৰা নগা গাঁৱত এক শোকাবহ পথ দুৰ্ঘটনাত নিহত হয় সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি জয়ন্ত সন্দিকৈৰ। চাৰিচকীয়া বাহনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত পৰাৰ পিছত থিতাতে নিহত হয় জয়ন্ত সন্দিকৈ। সন্দিকৈয়ে আন দিনাৰ দৰে সংগঠন আৰু ব্যক্তিগত কাম-কাজ সামৰি ঘৰলৈ গৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰি বিছনাত পৰে ৷ তেনেতে জয়ন্ত সন্দিকৈক কোনো লোকে সহায় বিচাৰি মাতি পঠিওৱাত শোৱাপাটী এৰি সেই স্থানলৈ গৈ থাকোঁতে সন্দিকৈয়ে চলাই যোৱা বাহনখন হঠাৎ দুৰ্ঘটনাত পতিত হয় ৷ ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ আটাছু নেতাজনৰ মৃত্যুত অসম তথা শিৱসাগৰৰ বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আগবেলা জয়ন্ত সন্দিকৈৰ নশ্বৰ দেহ লৈ শিৱসাগৰ চহৰ আৰু সমীপৱৰ্তী এলেকাত ভ্ৰমণ কৰাৰ পিছতে  আটাছুৰ শিৱসাগৰ জিলা কাৰ্যালয় চৌহদলৈ নি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।জন্মস্থান হাঁহচৰা বোকানগৰত অগণন গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে সন্ধিয়া জিলাখনৰ বিভিন্ন স্থানৰ লগতে শিমলুগুৰি মছজিদ তিনিআলিত তাই আহোম ছাত্ৰ সন্থাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে ছাত্ৰ নেতাজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷