পতি-পত্নী আৰু ফৰমাইছ – ববিতা বৰা

PC Word For Peace

     প্রায়সংখ্যক পত্নী, বিশেষকৈ চল্লিশোৰ্ধ্বৰৰ সঘনাই হৈ থকা এটা সমস্যা হৈছে অস্থিৰতা বা খিংখিঙীয়া স্বভাৱ। ‘ক’ৰবালৈ গুচি যাবলৈহে মন যায় ঘৰ বাৰী এৰি’এই কথাষাৰ তেওঁলোকৰ মুখত সততে শুনিবলৈ পোৱা যায়। এই যে ক’ৰবালৈ যাওঁ বুলি কোৱা কথাষাৰ, তেওঁলোকে আৱেগত কয়। অশান্তিত ভুগি কয়। কাৰণ ঘূৰি-ফুৰি উভতি অহাৰ গন্তব্যস্থান হৈছে ঘৰখনেই।

     এনে সময়ত টোপনিয়ে হেঁচা মাৰি ধৰিলেও পকা টোপনি নহা, অলপতে উচাৎ মাৰি উঠা, বুকুৰ ধপধপনি বঢ়া বা অতবছৰে স্বামীৰ তলত থাকি এষাৰ মাত নমতাগৰাকীয়ে খঙতে ভুৰভুৰাই অহা এইবোৰ আটাইতকৈ উল্লেখযোগ্য দৃশ্য।

     এগৰাকী পত্নীৰ কথাৰে- ‘দিনটোইফাল-সিফালে দৌৰাদৌৰি কৰি অৱশ হৈ পৰা গাটো জিৰণি দিবলৈ বিছনাত বাগৰো মানেই, ‘হেৰা গিলাছটো ক’ত আছেহে, পানী এবটল আনাচোন, চাহ একাপ ধুনীয়াকৈ আদা দি বনোৱাচোন, টিভিৰ ছুইচটো অন কৰি, ৰিম’টটো বিচাৰি দিয়াহিচোন’ বুলি হেজাৰ আবদাৰ আহি কাণখনত হেতা-ওপৰা কৰি টোপনিবোৰ শেষ কৰি পেলাই নিমিষতে।

     কোনোদিন শান্তিৰে এঘুমটি ভাত-ঘুমটি মাৰিবলৈ নাপায় ক্ৰমাৎ অতিষ্ঠ হৈ পৰিছো মই এই জীৱনৰ পৰা। নিশাৰ পৰতো সমস্ত কাম-কাজ কৰি শেষ হোৱাৰ পাছতো যেতিয়া শুবলৈ আহিও পতিৰ আবদাৰবোৰ নিৰন্তৰে চলিয়েই থাকে অসহ্য লাগে মোৰ, বিৰক্ত লাগে। ক্ষন্তেকৰ বাবে এই সকলো পৰিয়াল-পৰিজনৰ পৰা ফালৰি কাটি এখন শান্তিৰ পৰিৱেশত থকিব মন যায়, সকলো এৰি দৌৰি গুচি যাবলৈ মন যায় হিমালয়ৰ উচ্চৰ পৰা উচ্চ শৃংগলৈ। য’ত কোনেও মোক ঢুকি নাপাওক। কোনেও মোৰ মানসিক শক্তিবোৰ শুহি শুহি নাখাওক, অন্ত পৰক ফৰমাইছবোৰৰ।

     কিন্তু একাংশ এনেকুৱা স্বামী আছে, যি এগৰাকী পত্নীৰ ত্যাগ আৰু কষ্টবোৰ তেনেই সামান্য বুলি ভাবে। ভাত ৰন্ধা, সৰা-মচা বা অন্য ঘৰুৱা কামবোৰ তেনেই সাধাৰণ বুলি নিজৰ কামৰ জটিলতা দেখুৱাই পত্নীক প্রশ্ন কৰে— ‘মোৰ কাপোৰসাজ আজি ধুব নোৱাৰিলা, দিনটো ঘৰত কি কৰি থাকাহে।’

     আচৰিত লাগে। দিনটোৰ কামৰ অন্তত যেতিয়া কিবা এটা সৰুকৈ ভুল হয়, তাতেই স্বামীৰ এনে ককৰ্থনাত নিজকে একপ্ৰকাৰৰ বোজা যেন অনুভৱ হয়। কেতিয়াবা খোৱা টেবুলত বহি ভাতৰ পাতত মুখ দি ওফন্দি উঠা স্বামীৰ মুখখন আৰু তিক্ত কথাবোৰত সেইদিনা দুখত খালী পেটে শোৱা পত্নীও বহু আছে।

   কোনোদিনে পাকঘৰত সোমাই নোপোৱা, ভাত খাবলৈ বুলি এসোপা আলহী নিমন্ত্ৰণ কৰি পত্নীক সামান্য এটা সহায় কৰি নিদিয়া পতিসকলে যেতিয়া অন্য তিৰোতাৰ হাতৰ স্বাদৰ যাদু পত্নীৰ আগত বখানে, অন্তৰৰ চুকত দ’কৈ জ্বলে একুৰা বিষাদ-অভিমান আৰু অপ্রকাশিত কিছুমান কথাৰ দাবানল।

    ফৰমাইছবোৰ কাটি কৰি থৈ সমানে দায়িত্ববোৰ ভগাই ল’ব নোৱাৰি জানো? ‘মই বৰ’ বুলি থকা পুৰুষকেন্দ্ৰিক অহংটো ত্যাগ কৰিব নোৱাৰিনে? নোৱাৰিনে ‘ঘৰত থাকিনো কি কাম কৰা’ বুলি কোৱাৰ সলনি আপোনাৰ আহৰি সময়ত, ‘আজি তোমাক মই সহায় কৰি দিম’বুলি ক’বলৈ? আপুনি নিজেই কৰি ল’ব পৰা সৰু সৰু কামকেইটা কৰি ল’লে আপোনাক তিৰুতাসেৱা ভীৰু বা ‘মাইকী’ বুলি জগতে নাভাবে। মহিলাৰ দৃষ্টিত তেনে পুৰুষ সদায়েই কল্পনাৰ স্বপ্নকোঁৱৰ। নিজৰ পত্নীক অলপ সময় দিয়কচোন৷ আপুনি কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ বেলিকা পত্নীলৈ নামী-দামী খোৱাৰ বস্তু অনাটো আমাৰ কাম্য নহয়৷ প্ৰতিগৰাকী নাৰীয়েই বিচাৰে দুয়োজনে একেলগে বহি দিনটোৰ কথা পতাটো, অলপ একান্ত সময়, নিজৰ সময়। কেনেকৈ দিনটো দুয়োজনে পাৰ কৰিলে সেইটো প্রথম প্রশ্ন। কোনো পত্নীয়ে একাপ চাহ বা পানী যোগান ধৰি অতিষ্ঠ অনুভৱ নকৰে বৰঞ্চ পতিৰ আলপৈচান ধৰি স্বৰ্গসুখ লভে। কিন্তু বিনিময়ত আপুনিও কেতিয়াবা অলপ সময় ভাব বিনিময় কৰকচোন ৷

     শাৰীৰিক বিশ্ৰামতকৈ প্ৰত্যেকজন মানুহক মানসিক বিশ্ৰামৰ প্ৰয়োজন। গতিকে অলপ সময়ৰ বাবে পত্নীকো তেওঁৰ নিজস্ব সময়খিনি দিয়ক। উত্তৰত এইটো বাহানা নিদিব যে পত্নীয়ে চপাই দিয়া বস্তুতহে আমেজ আছে দেখি সকলো সৰু-বৰ কামত ‘হেৰা অমুকটো ক’ত, তমুকটো ক’ত’ বুলি আপুনি চিঞৰ বাখৰ কৰে। বৰঞ্চ বহু পুৰুষে কেৱল পুৰুষ হৈ ঘৰুৱা কাম কৰিলে সৰু হোৱাৰ মানসিকতা ৰাখি পত্নীক প্ৰতিটো কথাত ফৰমাইছ দিয়ে। নহয় নে? এনে আচৰণ শুদ্ধ নহয়। ভালপোৱা থকা সত্ত্বেও এনে আচৰণে পত্নীক বিৰক্ত কৰে, খিংখিঙীয়া কৰে, মানসিক স্থিতিত ক্ৰিয়া কৰে, টোপনি নহাৰ দৰে সমস্যা আনকি হৰম’নজনিত কাৰকতো প্ৰভাৱ পেলায়৷ এগৰাকী পত্নীয়ে নিজকে বিসর্জন দি এই অস্থিৰতাবোৰ গ্ৰহণ কৰি সুখী ৰাখিবলৈ চেষ্টা কৰে ঘৰখনক, আপোনাক। লাগিলে নিজেই জলাঞ্জলি দিবলৈ বাধ্য হয় নিজৰ স্বাধীনতা। এখন বুজাবুজিৰ পৃথিৱীত উৰিবলৈ আহি আমি বহুতেই নিজকে বন্দী কৰি পেলাওঁ পতিৰ ফৰমাইছবোৰত, সন্তানৰ অভাৱ অভিযোগত৷ আমাৰ আশাৰ পাখিবোৰ কাটি জ্বলাই পেলাওঁ পাকঘৰৰ আখলত। এগৰাকী পত্নীৰ বাবে তেওঁৰ পতিয়েই তেওঁৰ সকলো। তেওঁৰ সৌন্দৰ্য কছমেটিক ক্রীমে ধৰি নাৰাখে, ধৰি ৰাখে পতিৰ আচৰণ, ব্যৱহাৰ, বিচাৰ, মৰম আৰু বিশ্বাসে।

বিঃদ্রঃ— অত্যাধিক ফৰমাইছে পতি-পত্নীৰ সম্পৰ্কত বিশৃংখলতা সৃষ্টি কৰে। দুয়োজনৰ কৰ্মৰ দায়িত্ব সমানেই গধুৰ। পত্নী অবিহনে এখন ঘৰ মাথোঁ কংক্রিটৰ আৰু পতিহীন এখন ঘৰ মূধচহীন। দুয়োজনে দুয়োকে সমানেই গুৰুত্ব দিলে সম্পৰ্কত কেতিয়াও আউল নালাগে৷ নাৰী-পুৰুষ পৰস্পৰৰ বাবে, গতিকে কেৱল পুৰুষ বা কেৱল মহিলাকেন্দ্ৰিক হৈ সমাজ ব্যৱস্থাটো দুভাগ কৰাটো অযুক্তিকৰ।