পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান উপলক্ষে দক্ষিণ গুৱাহাটী মণ্ডলৰ ২০৩ নং বুথত আয়োজিত দলীয় অনুষ্ঠানত অংশগ্রহণ কেন্দ্রীয় মন্ত্রী সোণোৱালৰ

Pc Facebook

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান উপলক্ষে দক্ষিণ গুৱাহাটী মণ্ডলৰ ২০৩ নং বুথত আয়োজিত দলীয় অনুষ্ঠানত অংশগ্রহণ কেন্দ্রীয় মন্ত্রী সোণোৱালৰ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জন সংঘৰ আগশাৰীৰ নেতা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তী তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান উপলক্ষে  ভাৰত চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা সর্বানন্দ সোণোৱালে বিজেপি অসম প্ৰদেশৰ দক্ষিণ গুৱাহাটী মণ্ডলৰ অন্তৰ্গত ২২ নং ৱাৰ্ডৰ ২০৩ নং বুথৰ জ্যোতিকুছি শতাব্দী পথত আয়োজিত এটি অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু মণ্ডলটোৰ বিষয়ববীয়া, কার্যকৰ্তা তথা স্থানীয় ৰাইজৰ উপস্থিতিত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনায় আৰু এটি গছপুলি ৰোপণ কৰে। ভাষণ প্রসংগত সর্বানন্দ সোণোৱালে কয়, “পণ্ডিত দীনদয়াল উপাধ্যায় তেখেতৰ একাত্ম মানৱতাবাদৰ দৰ্শন আৰু মহৎ কাৰ্যপন্থাৰ যোগেদি ভাৰতীয় সমাজ জীৱনত যি অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে, তাৰ বাবে তেখেত যুগে যুগে অমৰ হৈ থাকিব। ভাৰতীয় মূল্যবোধক তেখেতে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ গৈছে। দীনদয়াল উপাধ্যায়দেৱৰ দৰে মহান ব্যক্তিৰ আদৰ্শক সাৰোগত কৰি মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে দেশবাসীৰ সৰ্বাংগীণ কল্যাণৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। ভাৰত মাতাৰ চৰণত সমর্পিত হৈ ৰাষ্ট্ৰৰ শকতি বৃদ্ধি কৰাৰ যাত্ৰাত আমি ভক্তিভাবেৰে, নিষ্ঠাৰে আত্মনিয়োগ কৰি যাব লাগিব। বিশ্বৰ বুকুত এতিয়া ভাৰতৰ শক্তি যথেষ্ট বৃদ্ধি পাইছে। বিশ্বশান্তিৰ ক্ষেত্ৰতে হওক বা জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়তে হওক বা বিশ্বৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়তে হওক, আজি সমগ্র বিশ্বই মাননীয় মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত উজলি উঠা ভাৰতবৰ্ষৰ দৃষ্টিভংগীলৈ বাট চাই থাকে। দীনদয়াল উপাধ্যায়দেৱৰ একাত্ম মানৱতাবাদৰ দৰ্শনক সাৰোগত কৰি মোদী ডাঙৰীয়াই সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস নীতিৰ জৰিয়তে আমাৰ দেশখনক সৰ্বদিশতে আগুৱাই লৈ গৈছে আৰু দেশবাসীৰ মাজত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ভাবনা জগাই তুলিছে।” তদুপৰি, তেওঁ কয়, “কংগ্ৰেছৰ ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিময় শাসনকালত দেশখন দুৰ্বল হৈ পৰিছিল,কিন্তু মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আজি ভাৰতবৰ্ষ বিশ্বৰ এখন অগ্ৰণী আৰু মহাশক্তিধৰ ৰাষ্ট্ৰৰূপে তথা বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে জিলিকি উঠিছে। ২০৪৭ চনৰ ভিতৰত দেশৰ ১০০ বছৰীয়া স্বাধীনতা দিৱস অর্থাৎ আগন্তুক অমৃত কালৰ ভিতৰত মোদী ডাঙৰীয়াৰ মাৰ্গদর্শনেৰে ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ দেশ হিচাপে গঢ়ি তোলাত সৰ্বস্তৰৰ লোকে সবল ভূমিকা পালন কৰিব লাগিব।” আনহাতে, ভাৰতীয় জনতা পাৰ্টিৰ চলিত সেৱা পষেক কাৰ্যক্ৰমৰ সৈতে সংগতি ৰাখি অহা ২ অক্টোবৰলৈ নিজ নিজ অঞ্চলত ৰক্তদান, গছপুলি ৰোপণ, বৃদ্ধ লোকসকলৰ সেৱা আদিকে ধৰি বিভিন্ন সেৱা আগবঢ়াবলৈ দলীয় কার্যকর্তাসকলক আহ্বান জনায় সোণোৱালে। তদুপৰি আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোৰে সৈতে প্রধানমন্ত্রী মোদীৰ ‘মন কী বাত’ শুনি সোণোৱালে আপ্লুত আৰু উৎসাহিত হোৱা বুলি মত প্ৰকাশ কৰে। অসমৰ অন্যতম পুৰণি অভিধান তথা দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন পূর্ণাংগ ব্রেইল অভিধান ‘হেমকোষ’ৰ বিষয়ে আজি ‘মন কী বাত’ত আলোকপাত কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমবাসীৰ হৈ সোণোৱালে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু উল্লেখ কৰে যে, অসমৰ কলা-সাহিত্য, সংস্কৃতিৰ প্ৰতি থকা মোদীৰ অনুৰাগে ৰাজ্যবাসীক সদায়েই উৎসাহিত কৰি আহিছে।  এই অনুষ্ঠানত জ্যেষ্ঠ বিজেপি নেতাগৰাকীৰ সৈতে উপস্থিত থাকে বিজেপিৰ দক্ষিণ গুৱাহাটী মণ্ডলৰ সভাপতি শক্তি সিং, ২০৩ নং বুথৰ সভাপতি প্রদীপ দাস, গুৱাহাটী পৌৰ নিগমৰ উপাধ্যক্ষা স্মিতা ৰয়, দলীয় জ্যেষ্ঠ কাৰ্যকৰ্তা শান্তনু ভৰালী,দেৱান ধ্রুৱজ্যোতি মৰল, সুজিত বিশ্বাস প্রমুখ্যে মণ্ডলৰ বিষয়ববীয়া, কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ।