পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মিলিত প্ৰচেষ্টাত ৰূপায়ণ কৰা আঁচনি সম্পৰ্কত পৰ্যালোচনা কৰিলে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মিলিত প্ৰচেষ্টাত ৰূপায়ণ কৰা আঁচনি সম্পৰ্কত পৰ্যালোচনা কৰিলে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

বাৰ্ত্তাসেৱা- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়া উদ্যোগত ৰূপায়ণ কৰি থকা আঁচনিসমূহ সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে দুয়োটা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দিছপুৰত তেওঁৰ কাৰ্যালয় সভাকক্ষত মিলিত হয়৷ উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ জলজীৱন মিছন আৰু স্বচ্চ ভাৰত অভিযান গ্ৰামীণৰ সহযোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ পঞ্চদশ বিত্তীয় আয়োগৰ মঞ্জুৰিৰ দ্বাৰা গাঁও পঞ্চায়ত এলেকাত ৰাজহুৱা শৌচালয়, বিদ্যালয় চৌহদৰ শৌচালয়, গোটা আৰু জুলীয়া পেলনীয়া সামগ্ৰীৰ ব্যৱস্থাপনামূলক আঁচনি আদি ৰূপায়ণ কৰিবলৈ পৰিকল্পনা যুগুতাই উলিওৱা হৈছে ৷ এই আঁচনিসমূহৰ অধিক ফলপ্ৰসূ আৰু খৰতকীয়া ৰূপায়ণ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় দিক নিৰ্দেশনা দিয়াৰ বাবে আজিৰ পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকীয়ে বিষয়াবৰ্গক নিৰ্দেশ দিয়ে৷ এই আঁচনিসমূহ ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত দুয়োটা বিভাগে সমানে আগভাগ ল’ব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ তদুপৰি আঁচনিসমূহ ৰূপায়ণৰ সুবিধাৰ্থে গ্ৰামোন্নয়ন বিভাগলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে মুকলি কৰি দিবলগীয়া সমুদায় ধন একলগে প্ৰদান কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ এই আঁচনিসমূহৰ ৰূপায়ণৰ কাম-কাজ আধিক তৰান্বিত কৰিবৰ বাবে সংশ্লিষ্ট সকলোকে অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে কাৰ্য সম্পাদন কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷ এই পৰ্যালোচনা সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব এছ আব্বাছি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এক্কা, আয়ুক্ত হেমেন দাসকে ধৰি দুয়োটা বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত আছিল৷