পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত গুৱাহাটীত ‘সেৱাই পঞ্চায়ত’ অনুষ্ঠানৰ আয়োজন কৰে মন্ৰী ৰঞ্জিত দাসে

pc- Twitter

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত গুৱাহাটীত ‘সেৱাই পঞ্চায়ত’ অনুষ্ঠানৰ আয়োজন কৰে মন্ৰী ৰঞ্জিত দাসে

অনলাইন বাৰ্ত্তাসেৱা- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত মন্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত গুৱাহাটীত ‘সেৱাই পঞ্চায়ত’ অনুষ্ঠানৰ আয়োজন কৰে ৷ এই অনুষ্ঠানৰ জৰিয়তে শুভাৰম্ভ হোৱা ‘গাঁও পঞ্চায়তৰ বাবে আদৰ্শ নাগৰিক চনদ’ খনৰ প্ৰধান উদ্দেশ্যসমুহ তলত দিয়া হʼল-

✅ ৰাজহুৱা সেৱা উপলব্ধ হোৱা আৰু নাগৰিক সকলৰ আশা অনুযায়ী সেৱাৰ মান উন্নত কৰাৰ দিশত নাগৰিক সকলক সবল কৰি তোলা ৷

✅ চনদ প্ৰস্তুতকৰণে পঞ্চায়তৰ কাম-কাজত বৃত্তিমুখীতা আনি দিয়ে আৰু বৈষম্যহীন ভাৱে সকলো শ্ৰেণীৰ লোকৰ ওচৰলৈ যোৱাত সহায়ক হয় ৷

✅ পঞ্চায়তৰ ফালৰ পৰা আগবঢ়োৱা মানদণ্ডৰ প্ৰতিশ্ৰুতিসমূহ সেৱা প্ৰদানৰ দিশত নিৰীক্ষণ আৰু মূল্যাংকণৰ বাবে উপযুক্ত সমল ৷

✅ নাগৰিক চনদৰ প্ৰথম মূল অংশটো হ’ল পঞ্চায়ত দৰ্শন আৰু কৰ্মসূচী ৷ পঞ্চায়তখনে প্ৰকৃততে কোনটো দিশেৰে গতি কৰিব খোজে সেয়া হ’ল দৰ্শন ৷ কৰ্মসূচী হ’ল দৰ্শনৰ সৈতে সংগতি ৰাখি পঞ্চায়ত খন সবল কৰি নিয়াৰ বাবে লোৱা নিৰ্দিষ্ট উদ্দেশ্য ৷

✅ সেৱা মানদণ্ড/সেৱা উপলব্ধ কৰাৰ প্ৰক্ৰিয়াৰ যোগেদি চনদত উল্লেখিত এটা সেৱা পাবলৈ হ’লে উপযুক্ত নাগৰিকে প্ৰয়োজনীয় নথিপত্ৰ আৰু আৱশ্যকীয় মাচুলৰ সৈতে (প্ৰয়োজন সাপেক্ষে) নিৰ্দিষ্ট বিষয়াৰ ওচৰত আবেদন কৰিব লাগিব ৷

✅ নাগৰিক সকলৰ অভিযোগ সমূহ শুনাৰ বাবে পঞ্চায়ত সভাপতি আৰু পঞ্চায়ত সচিব গৰাকী সহজতে পাব পৰাকৈ থাকিব আৰু অভিযোগ সমূহ দূৰ কৰাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷ ইয়াৰ দ্বাৰা অভিযোগ সমূহ শীঘ্ৰে নিষ্পত্তি হ’ব ৷

গঞা ৰাইজৰ সুবিধাৰ্থে তেওঁলোকক যিকোনো তথ্য যোগান ধৰাৰ লগতে সেৱা কৰাৰ ক্ষেত্ৰত এই চনদখনক ভাগৱত বুলি গণ্য কৰি সেৱাই পঞ্চায়তক গুণমালা হিচাবে মানি লৈ গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নতি সাধনৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনোৱা হয়৷

এই অনুষ্ঠানখনত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত দাসৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শীৰ্ষ বিষয়া কৰ্মচাৰী সকল ৷