নৱম টি জি বৰুৱা মেম’ৰিয়েল মিডিয়া টি ২০ ৰ সামৰণি

Pc Olympiasports

নৱম টি জি বৰুৱা মেম’ৰিয়েল মিডিয়া টি ২০ ৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০ ডিচেম্বৰৰ পৰা নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা নৱম টি জি বৰুৱা মেম’ৰিয়েল মিডিয়া টি ২০ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সামৰণি পৰে ৷ ৰাজ্যৰ মুঠ ১৪ টাকে সংবাদ প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ চেম্পিয়ন হয় অসমীয়া প্ৰতিদিন ৷ফাইনেল খেলত অসমীয়া প্ৰতিদিন দলে নিদ্ধাৰিত ২০ অভাৰত বিপক্ষ দল এন ডি ২৪ ক ১৯২ ৰাণৰ টাৰ্গেট লক্ষ্য বান্ধি দিয়ে ৷ প্ৰত্যুতৰত এন ডি ২৪ এ ৯০ ৰাণতে ইনিংছ সামৰে ৷ বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট অধিবক্তা বিজন মহাজন , প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণ , প্ৰাক্তন ক্ৰিকেটাৰ ৰাজেশ বৰা , নাছিৰ গুল খান , বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাকে প্ৰমুখ্য কেইবাজনো বিশিষ্ট ব্যক্তি ৷ উল্লেখযোগ্য এইবাৰৰ প্ৰতিযোগিতাখনত সহযোগ আগবঢ়াইছে অসম চৰকাৰৰ বৰ্ড অফ স্প’টছ , এছ এল এ চি , প্ৰাগ নিউজ , এন ডি ২৪ , দ্যা আসাম ট্ৰিবিউন , স্পন্দন , অসম ক্ৰিকেট এচ’ছিয়েছন আদিয়ে ৷