নৱম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিব পাৰে দিল্লী চৰকাৰে

pc IBTimes India

শিক্ষা মন্ত্ৰী মনীষ চিছোদিয়াই ঘোষণা কৰে, দিল্লী চৰকাৰে বাতিল কৰিছে নৱম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষা। এই পৰীক্ষাবোৰ ১২ এপ্ৰিললৈ পিছুৱাই দিয়া হৈছিল আৰু নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে বুলি চিছোদিয়াই ১৫ এপ্ৰিলত শিক্ষাৰ্থীসকলৰ আগত প্ৰকাশ কৰে।
চিছোদিয়াই কৈছিল, “চৰকাৰী বিদ্যালয়সমূহত নৱম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে। দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মূল্যাঙ্কনৰ বাবে বোৰ্ডে যি চৰ্ত নিৰ্ধাৰণ কৰিব, আমি নৱম আৰু একাদশ শ্ৰেণীৰ বাবেও সেইটোকেই গ্ৰহণ কৰিম”।