নৱবৰ্ষ উদযাপনৰ সময়তে ৰাজ্যত বিগত ২৪ ঘণ্টাত ১৯২গৰাকী লোক ক’ভিডত আক্ৰান্ত

নৱবৰ্ষ উদযাপনৰ সময়তে ৰাজ্যত বিগত ২৪ ঘণ্টাত ১৯২গৰাকী লোক ক’ভিডত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত নৱবৰ্ষ উদযাপনৰ সময়তে বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৯২গৰাকী লোক।কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১০৫ গৰাকী লোক।আনহাতে যোৰহাত জিলাত ১৪ জন, ডিব্ৰুগড়ত ১০ আৰু কামৰূপ গ্ৰাম্য জিলাত ১০ জনৰ দেহত ধৰা পৰিছে ক’ভিড৷বৰ্তমান ৰাজ্যত ৮৭১ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈ আছে।ৰাজ্যত ক’ভিড পজিটিভিটিৰ হাৰ নিম্নগামী হৈ থকাৰ লগতে সুস্থতাৰ হাৰো বৃদ্ধি পাইছে যদিও অ’মিক্ৰণৰ সংক্ৰমণক লৈয়ো আশংকা অব্যাহত আছে।বিশেষজ্ঞসকলে ক’ভিডৰ তৃতীয় লহৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক ক’ভিড বিধিসমূহ মানি চলিবলৈ আহ্বান জনাইছে।