নৱবৰ্ষৰ প্ৰথম দিনাই সাংবাদিকক আক্ৰমণৰ অপচেষ্টা

নৱবৰ্ষৰ প্ৰথম দিনাই সাংবাদিকক আক্ৰমণৰ অপচেষ্টা

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  ফটোত দেখা এইজনলৈ ভালদৰে মন কৰক,সম্পুৰ্ণ দৃশ্য দেখিলে আপোনাৰো গা নোম শিয়ঁৰি উঠিব। হাতে হাতে চোকা অস্ত্ৰ, যাঠি লৈ বানভোজ থলী নহয় যেন ৰণক্ষেত্ৰ হে। ঘটনা অনুসৰি বনভোজ খাই উভতাৰ পথত দুটা দলৰ মাজত মতানৈক্য হৈ কাজিয়াৰ সূত্ৰপাত হয়। ২ নং নেঘেৰীবিলৰ এটা বিশেষ সম্প্ৰদায়ৰ লোকে হাতত দা, কুঠাৰ লৈ এটা দলক আক্ৰমণৰ প্ৰচেষ্ঠা চলায়।ঠিক তেনে সময়তে এগৰাকী সংবাদ কৰ্মীয়ে নিজা ম’বাইলেৰে কাজিয়াখনৰ দৃশ্য গ্ৰহণ কৰি থকাৰ সময়তে মঃ আব্দুল মুন্নাফ নামৰ ব্যক্তিজনে কিয় ভিডিঅ’গ্ৰাফী কৰিছ’ বুলি অশ্লীল গালি গালাজ কৰি সাংবাদিক জনক এখন চোকা অস্ত্ৰৰে আঘাট কৰাৰ চেষ্টা কৰে। ব্যক্তিজনে অৰ্তকিতে কৰা আক্ৰমণত সাংবাদিকজন গুৰুতৰ ভাৱে আহত হয়। ইয়াৰ পাছতেই সাংবাদিক গৰাকীক সতীৰ্থৰ সহায়ত আক্ৰমণকাৰীৰ পৰা উদ্ধাৰ কৰি ততালিকৈ মেৰাপানীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লগে লগে ভুক্তভোগী সাংবাদিক গৰাকীয়ে মেৰাপানী থানাত এজাহাৰ দাখিল কৰিছে।