নৱবৰ্ষৰ আগমন- কুমুদ চন্দ্ৰ মেধি

p.c Shutterstock

নৱবৰ্ষৰ আগমন

পুৰণি বৰ্ষই বাগৰ সলালে
নতুনক আদৰিবলৈ,
সময়বোৰ যেন ইতিহাস হ’ল
অতীত সোঁৱৰাবলৈ।
নতুনে আনিব সম্প্ৰীতিৰ বতৰা
পৃথিৱী শান্ত কৰি ,
বিদ্বেষ অসুৱা বিনাশৰ দ্বাৰা
পোহৰ হ’ব এন্ধাৰ আঁতৰি।
সমাপ্ত হওঁক শংকিত সংকল্প
দৃঢ়তাৰে ভৰিব মন,
পুৱাৰ সূৰুযে বেৰৰ জলঙাৰে
কৰিবহি জ্যোতিষ্মান।
মুক্ত মনৰ হওঁক এটি
সোনালী আলোড়ন,
প্ৰস্ফুটিত হওঁক আকাশ বতাহ
প্ৰকৃতি আৰু বাতাবৰন,
কৰিছোঁ প্ৰভু তোমালৈ বুলি
এটি মিঠা আবেদন।

কুমুদ চন্দ্ৰ মেধি