নৱবৰ্ষক আদৰো আহা – মঞ্জুষা শৰ্মা

P.c. iStock

নৱবৰ্ষক আদৰো আহা

মৰমৰ অকণিহঁত তোমালোকে বাৰু পুৱাৰ সুৰুযে নীল আকাশত ভুমুকি মৰাৰ দৃশ্য উপভোগ কৰিছানে? সেই দৃশ্য চাবলৈ হ’লে আমি শোৱাপাটি সোনকালেই এৰিব লাগিব নহয় জানো! এই যে পুৱা বেলিটোৱে ৰঙা ৰঙেৰে পূৱ আকাশত ঘূৰণীয়া এখন ডাঙৰ থালৰ দৰে হৈ গোটেই দিনটোৰ কাৰ্যবোৰ সুন্দৰ ৰূপত পৰিসমাপ্তি ঘটাই পুনৰ আবেলি হেঙুলীয়া কিৰণে সকলোকে বিদায় জনাই পশ্চিম আকাশত বিলীন হৈ যায় মাত্র পিছদিনা আৰু বেছি সুন্দৰ তথা আত্মবিশ্বাসেৰে নিজকে কার্যক্ষম কৰি তুলিবলৈ অনুপ্রেৰণা যোগায় ঠিক সেইদৰেই চাওঁতে চাওতে ১২টা মাহ ৩৬৫ দিনৰে পৰিপূর্ণ হৈ থকা ২০২১ বর্ষটোৱেও যেন ঘাট-প্রতিঘাট, দুখ-বেদনাৰ লগতে ক’ম বেছি পৰিমাণৰ সফলতা আৰু বিফলতাবোৰ বুকুত সাৱতি নতুনক আদৰিবলৈ নতুন উদ্দ্যেমেৰে নিজে সাজু হৈছে। তোমালোকে নিশ্চয় সাজু হৈছা! কেনেদৰে সাজু হৈছা বাৰু ?? আমি আকৌ জানা বছৰৰ শেষৰ ১২ নম্বৰৰ মাহটো অর্থাৎ ডিচেম্বৰ মাহটোত বৰ ব্যস্ত হৈ পৰিছিলো। কাৰণটো শুনিলে তোমালোক আচৰিতহে হ’বা। কিয় জানা! তেতিয়াৰ দিনত আজিৰ দৰে এই মোবাইল ফোনবোৰ নাছিল। তাৰ ঠাইত আছিল ডাকঘৰ বোৰৰ প্রাধান্য। তেতিয়া আমাৰ (ক’ৰ পৰা) চিঠি পত্ৰবোৰ এঠাইৰ পৰা আন ঠাইলৈ আহিবলৈ কিমান দিন লাগে সেইবোৰ মুখস্থ হৈ থাকে। সেই ধৰণে আমি পঠিওৱা বোৰ আমাৰ সম্পর্কীয় লোকে পোৱাৰ সময়ো নখদর্পণত থাকে। সেই হিচাপ-নিকাচ মতে আমি আমাৰ বিভিন্ন সময়ত পঠিয়াব লগীয়া শুভেচ্ছা বাণীবোৰো সেইমতে প্রেৰণ কৰো যাতে তেঁওলোকে সময়ত পাই আনন্দিত হয়। । এতিয়া আহোঁ আমিনো তেওঁলোকলৈ কি শুভেচ্ছা বাণী ডাকযোগে পঠিয়াও। ডাকযোগে পঠিওৱা শুভেচ্ছাবাণীবোৰৰ ভিতৰত প্ৰথমটোৱেই হৈছে নৱৰ্বষৰ শুভেচ্ছা। তেতিয়াৰ দিনত আমি কাগজত বিভিন্ন ধৰণৰ ছবি আঁকি তাক ৰঙেৰে আলোকিত কৰি , নহ’লেবা পানী আৰু ৰঙৰ সহায়ত ছবি আঁকি বা সূতা চিয়াঁহীত তিয়াই সেই তিতাসূতাৰে বিভিন্ন ধৰণৰ চিএ তৈয়াৰ কৰো। তাত চৰাই, ফুল আদি থকাৰ উপৰিও সুন্দৰ সুন্দৰ হাতৰ আখৰেৰে এশাৰী বাক্য লিখি আমাৰ দাদা-বা , মামা- মামী, পেহা- পেহী, খুড়া-খুৰী , বন্ধু-বান্ধৱীসকললৈ পঠিয়াই আনন্দ লাভ কৰিছিলো। তাৰ পিছত এই গ্ৰীটিংছ কাৰ্ডবোৰে এখন সুন্দৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈ উঠিল। বিভিন্ন ৰঙ-বিৰঙৰ গ্ৰীটিংছ কাৰ্ডে দোকানবোৰ উজ্বলাই তুলি গ্ৰাহক মনোযোগ আকৰ্ষণ কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু আমাৰ তাহানিৰ দিনতকৈ আজি কালি তোমালোকে বহুত উন্নত মানৰ সুবিধা পাইছা। প্ৰতিজনেই নিজাববীয়াকৈ এই চিত্ৰকলা শিকিছা আৰু আঁকিবও জানা সুন্দৰকৈ। সেয়েহে তোমালোকে তোমালোকৰ মৰমৰ ব্যক্তিসকললৈ বিভিন্ন ধৰণৰ ৰঙীণ তুলিকাৰে আলোকিত কৰা চিত্ৰবোৰৰ লগতে চিত্ৰ ৰ সহায়ত মনৰ ভাববোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিবা। এনে কৰিবলৈ আজি-কালি সময়লৈ অপেক্ষা কৰিব নালাগে। মোবাইলৰ সহায়ত অতি সহজে প্ৰেৰণ কৰিব পাৰা। তাৰ বাবে তোমালোকে আগৰ পৰাই বিভিন্ন ধৰণৰ চিত্ৰ এখন বহীত সুন্দৰকৈ অংকণ কৰি পিছত নিৰ্দিষ্ট দিনত ফটো মাৰি পঠিয়াব পাৰা। কাৰণ আজি কালি দেখা যায় যে মোবাইলত সহজলভ্য বিভিন্ন নতুন বছৰৰ শুভেচ্ছাবাণীবোৰেই সকলোৱেই ব্যৱহাৰ কৰে। ইয়াৰ ফলত তোমালোকৰ কোনো ধৰণৰ জ্ঞান লাভ নহয়। কিন্তু নিজে কৰা কামত তোমালোকৰ সকলো অংগই কাৰ্যক্ষম হৈ মানসিক সুখ লাভ কৰাৰ লগতে আন্তৰিকতাও বঢ়াবলৈ সক্ষম হ’বা। আগন্তুক নৱবৰ্ষই তোমালোকক সুস্থ শৰীৰ আৰু এটি সুস্থ মনৰ অধিকাৰী হ’বলৈ যেন উৎসাহীত কৰে। এই ২০২২ বৰ্ষত তোমালোকে প্ৰত্যেকেই মোবাইলত বেছি সময় খৰচ নকৰি নিজৰ কাৰ্যবোৰ নিজে কৰিবলৈ সংকল্পবদ্ধ হোৱা হঁক। পুনৰ নৱবৰ্ষৰ শুভেচ্ছা থাকিল।

মঞ্জুষা শৰ্মা