নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বৰ বাবেই ভাৰতে আজি আন্তঃৰাষ্ট্ৰীয় মঞ্চত জাগ্ৰত ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাইছে

Pc Hindustan Samachar Assamese

নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বৰ বাবেই ভাৰতে আজি আন্তঃৰাষ্ট্ৰীয় মঞ্চত জাগ্ৰত ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাইছে

ৰঙিলী বাৰ্ত্তাসেৱা- “গণতান্ত্রিক ব্যৱস্থাৰে দলৰ সমগ্ৰ সংগঠনক গতিশীল কৰি ৰখাত ভাৰতীয় জনতা পাৰ্টিয়ে সদায় গুৰুত্ব প্ৰদান কৰি আহিছে। পৃষ্ঠাপ্রমুখৰ নিযুক্তিৰ পৰা আৰম্ভ কৰি বুথ সমিতি গঠনকে ধৰি দলৰ কেন্দ্ৰীয় সমিতিলৈকে সকলোতে গণতান্ত্রিক প্রক্রিয়াৰে দায়িত্ব অর্পণ কৰাৰ পৰম্পৰা প্ৰতিষ্ঠা কালৰে পৰা আমাৰ দলে অনুশীলন কৰি আহিছে। যোৱা ১৬ আৰু ১৭ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যসমিতিৰ বৈঠক এনে অনুশীলনৰে এক অংশ। এই বৈঠকত দলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। লগতে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল আৰু বলিষ্ঠ নেতৃত্বৰ বাবে সমগ্র বিশ্বতেই নিৰ্ণায়ক ভূমিকা, দূৰদৰ্শী সিদ্ধান্ত, মানৱ জাতিৰ বাবে সদা সতৰ্ক, সচেতন আৰু জাগ্ৰত ৰাষ্ট্ৰ ৰূপে এক বিৰল মৰ্যদা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ ভাৰত সক্ষম হৈছে। সেয়ে দলৰ কাৰ্য সমিতিৰ বৈঠকে বিশ্বৰ লোকপ্রিয় নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কোটি কোটি অভিনন্দন প্রদান কৰে।” এই মন্তব্য ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ। আজি দলৰ বশিষ্ঠস্থিত কাৰ্যালয়ত মুখ্য মুখপাত্র কামাখ্যা প্রসাদ তাছা, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ সৈতে এক সংবাদ মেল সম্বোধন কৰি কলিতাই, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাত গ্ৰহণ কৰা সিদ্ধান্তৰাজিক আদৰণি জনাই কয়, ৰাষ্ট্ৰবাদী বিচাৰধাৰাৰ দ্বাৰা পৰিচালিত হোৱা বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহে গ্ৰহণ কৰা জনকল্যাণকামী নীতিয়ে সমাজৰ সৰ্বোৰ্ত প্ৰকাৰৰ কল্যাণ আৰু উন্নয়নক সামৰি লৈছে। সামাজিক, ধাৰ্মিক, আঞ্চলিক আৰু আন বিভিন্ন ধৰণৰ বিবিধতা থকাৰ পিছতো প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দলৰ চৰকাৰে ৰাষ্ট্ৰবাদকে মূল ভেঁটি হিচাপে লৈ সকলোকে সামৰি আৰু একত্ৰিত কৰি বিশ্বাসৰ এক সূদৃঢ় সামাজিক ঐক্য গঢ়ি তোলাত সফল হৈছে। এই ঐক্যৰ মূল মন্ত্ৰ হিচাপে প্রধানমন্ত্ৰীৰ – ‘সৱকা সাথ, সৱকা বিকাশ, সৱকা বিশ্বাস আৰু সৱকা প্ৰয়াস’ নীতিৰ আধাৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহে কল্যাণকামী আঁচনি সমূহ ৰূপায়ণ কৰাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। এইক্ষেত্ৰত ক’ভিড মহামাৰীৰ সময়ত গ্ৰহণ কৰা ১.৭০ লাখ কোটি টকাৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা, ২০ লাখ কোটি টকাৰ আত্মনিৰ্ভৰ ভাৰত যোজনা আদিৰ কথা উল্লেখ কৰিব পাৰি। এই আঁচনি সমূহে ৮০ কোটি ভাৰতীয় লোকক সামৰি লৈছে। সমাজৰ একতা নিশ্চিত কৰি সকলো লোকৰ গৰিমা, সন্মান আৰু স্বাভিমান সুৰক্ষিত কৰাৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে অহৰহ কাৰ্য কৰি আছে। ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কূটনৈতিক কুশলতাৰ বাবেই জি ২০ ৰ অধ্যক্ষতা ভাৰতে লাভ কৰিছে। আর্থিকভাৱে শক্তিশালী বিশ্বৰ ২০ খন ৰাষ্ট্ৰক লৈ জি ২০ গঠন হৈছে। এই মঞ্চই পৃথিৱীৰ মুঠ জিডিপিৰ ৮৫ শতাংশ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ৭৫ শতাংশ আৰু পৃথিৱীৰ জনসংখ্যাৰ ৬০ শতাংশ সামৰি লয়। বিশ্বৰ সকলো শক্তিধৰ দেশৰ অংশীদাৰিত্ব থকা এই মঞ্চৰ অধ্যক্ষতা ভাৰতে লাভ কৰাটো দেশৰ স্বাধীনোত্তৰ ইতিহাসৰ অন্যতম কূটনৈতিক সফলতা হিচাপে চিহ্নিত কৰা হৈছে। অধ্যক্ষ হিচাপে লাভ কৰা ক্ষমতাৰ ভিত্তিত ভাৰতে জি ২০ ৰ বৈঠকলৈ আন ৯ খন দেশকো অতিথি হিচাপে নিমন্ত্ৰণ কৰিছে। কাৰ্যসমিতিৰ বৈঠকত দলৰ বৰ্তমানৰ সভাপতি জগত প্ৰকাশ নাড্ডাৰ কাৰ্যকাল সৰ্বসন্মতিক্রমে ২০২৪ চনৰ জুন মাহলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ বাবে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই, ৰাষ্ট্ৰীয় সভাপতি গৰাকীক পুনৰ এবাৰ শুভেচ্ছা জনাই। তেওঁ কয়, জে পি নাড্ডাৰ নেতৃত্বত ভাৰতীয় জনতা পার্টিয়ে আহি থকা প্ৰতিটো নিৰ্বাচনত উল্লেখনীয় সফলতা লাভ কৰিব বুলি আমি আশাবাদী। কলিতাই কয, ‘সেৱাই সংগঠন’ ভাৰতীয় জনতা পাৰ্টিৰ মূল সাংগঠনিক মন্ত্র। সংগঠনৰ ভেঁটিক অধিক সক্রিয়তা অনাৰ উদ্দেশ্য কাৰ্যসমিতিৰ বৈঠকত অহা এপ্ৰিল মাহলৈক দলৰ কার্যক্রমণিকা নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি দলে বুথ সমিতি সমূহক পুনৰ গঠনৰ জৰিয়তে অধিক শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে সিদ্ধান্ত লৈছে। একেদৰে অনাগত দিনত দলৰ তথ্য প্রযুক্তি কোষ, সামাজিক কোষকো নতুনত্ব প্ৰদান কৰা হ’ব। আনহাতে, ভাৰতীয় জনতা পাৰ্টিয়ে পৃষ্ঠাপ্রমুখৰ নিযুক্তিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক ভৱেশ কলিতাই এক ঐতিহাসিক সিদ্ধান্ত হিচাপে আখ্যা দিছে।