নেচকুয়ে প্ৰথমবাৰ আৰম্ভ কৰিবলৈ লৈছে ‘অসম টালেন্ট লীগ’

নেচকুয়ে প্ৰথমবাৰ আৰম্ভ কৰিবলৈ লৈছে ‘অসম টালেন্ট লীগ’

ৰঙিলী বাৰ্ত্তাসেৱা- বে-চৰকাৰী সংস্থা নেচকুয়ে প্ৰথমবাৰ অসমত আৰম্ভ কৰিবলৈ লৈছে ‘অসম টালেন্ট লীগ’৷ইয়াত বিশেষকৈ প্ৰাধান্য দিয়া হ’ব গোৰ্খা শিশুসকলক৷-এই মন্তব্য নেচকুৰ অধ্যক্ষ অজিত গগৈৰ৷ সংগঠনটোৱে দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত এইদৰে কয় অজিত গগৈয়ে৷তেওঁ পুনৰ কয়- অসম টালেন্ট লীগৰ অডিচন মাৰ্চৰ শেষত আৰম্ভ হ’ব৷ইয়াত ১৫ বছৰৰ শিশুয়ে অংশগ্ৰহণ কৰিব পাৰিব৷ক’ভিড বিধি মানি অফলাইন বা অনলাইন মাধ্যমত অনুষ্ঠিত কৰা হ’ব৷গানৰ বাবে অসমীয়া বা হিন্দী ভাষাত হ’ব৷নৃত্যৰ বাবে যিকোনো ভাষাতে অংশগ্ৰহণ কৰিব পাৰিব৷উক্ত কাৰ্যসূচীটো যিকোনো চেটেলাইট চেনেলত সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হ’ব৷অডিচনৰ বাবে কোনোধৰণৰ মাচুল লোৱা নহয়৷অডিচন অসমৰ বিভিন্ন ঠাইত হ’ব৷সংবাদ মেলত গোৰ্খা টালেন্ট লীগৰ প্ৰতিষ্ঠাপক সঞ্চালক শংকৰ গুৰুং,সদস্য সুস্মিতা শৰ্মা উপস্থিত থাকে৷