নূপুৰৰ জন্মদিন- দিপিকা বৰুৱা

Pc- youtube

নূপুৰৰ জন্মদিন

দিপিকা বৰুৱা

পুনমৰ কেতিয়াও ভুল হোৱা নাই। আজিৰ এই বিশেষ দিনটো তাইৰ ডায়েৰীত লিখা আছে। সেয়ে আজিৰ দিনটো তাইৰ মনত থাকেই। অন্য কথা পাহৰিলেও এই বিশেষ দিনটো তাই পাহৰি নাযায়। এই দিনটো তাই বৰ মৰমৰ, বৰ হেপাঁহৰ, এই দিনটোত কত যে সোণালী স্মৃতি নিহিতি হৈ আছে।

এই দিনটোত তাই কিছুমান বিশেষ কাম কৰে। নূপুৰে ভালপোৱা কামবোৰ যেন তাইৰ তেজৰ লগত গঁথা আছে। নূপুৰটো যে কি মনত পৰিলে তাইৰ হাঁহিহে উঠে। সৰু লʼৰাৰ দৰে তাৰ কি যে স্বভাৱ।

আজি পুৱাৰে পৰা পুনমৰ ব্যস্ততাৰ শেষ নাই। নূপুৰে ভালপোৱা কামবোৰ তাই কৰি গৈছে। কৰিড’ৰটো তাই চিত্ৰনলা দি নিজেই মচিছে। তাতে অলকা আঁকিছে। নূপুৰৰ এইটো বৰ পছন্দৰ। যিহে অলকাত গছক পাৰ বুলি হাঁহি হাঁহি পেলাওঁ নেপেলাওঁ কৈ খোজ দিব। তাৰ পাছত তাইৰ কঁকালটো খামুছি পাক এটা মাৰি নাচিব। এৰি দিয়া বুলি চিঞৰিলেও নেৰে। বৰ অসভ্য। বনকৰা ছোৱালী সোণতৰাই দেখি হাঁহি আঁতৰি যায়৷ তথাপি তাৰ লাজ নাই।

ৰঙা, নীলা বেলুনবোৰ তাই ফেনখনত, লাইটবোৰত আঁৰি দিছে। বাঃ গোটেইখন ৰমক জমক হৈ পৰিছে। তাৰ পাছত সিহঁতৰ বেডৰূমটো ৰূম স্প্রে কৰি সুগন্ধি কৰিছে। ৰজনীগন্ধা ধুপ লগাইছে। ধুপৰ শেষ কাঠিটো দানীটোত ৰৈ থাকিলে নূপুৰে বেয়া পায়। সি একেবাৰে শিশুৰ দৰে। সেয়ে তাই বুঢ়া তৰ্জনি আঙুলিৰ টিপাত লৈ সেয়ে পেলাই, নতুন ধূপ লগাইছে। বচ্ কাম শেষ। তাই এতিয়া মাইচ’ৰ চেন্দেল চপ লৈ কুহুমীয়া পানীৰে গাটো ধুই সতেজ হৈ লৈছে। শাড়ীখন কঁকালত মেৰাব খুজি তাই ৰৈ গ’ল, অ’ নূপুৰে জুইৰঙীখনহে ভাল পায়। তাই গল্ডেন য়েল’খন খহাই জুইৰঙীখন পিন্ধি মূৰটো আচুৰিলে। নূপুৰে চুলিখিনি বেক্ কৰি একোছাকৈ বান্ধিলে বৰ ভাল পায়। তাই সেইদৰে বান্ধি ৰঙা গোলাপ এপাহ গুজি ল’লে। নূপুৰ আহি পোৱাৰ আগতে তাই এইখিনি কৰি লৈছে, নহ’লে তাৰ যিহে উৎপাত “শাড়ীখন ময়ে পিন্ধাই দিওঁ” বুলি আঁচলখন টানি ধৰিবহি আকৌ । তাইচোন বেচ্ ধুনীয়া জনী হৈ পৰিল। নূপুৰে আকৌ বন্ধু-ছন্ধু কাৰোবাক আনিব নেকি? নানে। নূপুৰৰ নিভৃত কোণৰ কথা তাই ভালকৈ জানে। সি তাইক সদায় অকলে পাব বিচাৰে।

অ’ আহিলা নূপুৰ, চাওঁ তোমাৰ চাৰ্টটো আঃ একেবাৰে অগৰু অগৰু গোন্ধাই আছে। ক’তনো ঘঁহিলাহে ইমান অগৰুবোৰ? তুমিযে একেই থাকিলা। সেই প্রথম দেখাৰ পৰা। ঠিক একে। অকনো বদলি নহ’লা।

কি চাইছা? ধুনীয়া লাগিছে নহয় মোক? জানিছো। তুমি ভালপোৱা ৰংটো পিন্ধিছা যে, –

নূপুৰে সন্তপৰ্ণে চুলি আৰু কপালৰ সংযোগ স্থলত পুনমক চুমা খালে। সদায় সি কপালত চুমা খায় তেতিয়া হেনো প্রেম যুগমীয়া হয়। আঃ এৰি দিয়া । সোণতৰা আহিব এতিয়া । তুমি আকৌ কেতিয়া আহিবা ? অহা এই তাৰিখত। নহয় জানো? বাৰু। হ’ব, যোৱা তুমিতো মোৰ এটাও উত্তৰ নিদিলা। তুমিতো যোৱা বছৰেই আঁতৰি গ’লা, মই পাহৰিছোৱে, এৰা তুমি একেবাৰে গুচি যোৱাৰ পাছত মানুহবোৰে জানা মোলৈ ইমান কৰুণ চাৱনিৰে চায়। বৰ দুখ লাগে সেই কথাত। অ’ তুমি যে কৈছিলা, সেই ফুলশয্যা জোপা, এতিয়া ফুলিছে জানা। বাৰু এইবাৰ যোৱা। অহা এই তাৰিখত আহিবা কিন্তু। নহলে বেয়া পাম। নাপাহৰিবা মইতো নাপাহৰো৷ মোৰ প্ৰাণৰ নূপুৰ আহিবা কিন্তু। মই অপেক্ষা কৰিম। অহাবাৰ আকৌ তোমাৰ ঘৰখন আজিৰ দৰে সজাম। হ’বতো?

শাড়ী কোনখন পিন্ধিম? জুইৰঙী খন নে, গোল্ডেন য়েল’খন? বাৰু, বাৰু, বেয়া পাব নেলাগে।, জুইৰঙীখনকে পিন্ধিম। হ’বতো??? বহুত সময় আইনাখনৰ কাযত থিয় হৈ থকাত তাইৰ ভৰি কেইটা যেন জথৰ জথৰ লাগিল……..|

লাহে লাহে আহি তাই নূপুৰৰ ফটোখন চালে, তাৰ পাছত হাতত লৈ আঁচল খনেৰে মোহাৰি দিলে, তাৰ পাছত একাধিক চুমাৰে নূপুৰৰ ওঁঠ, গাল, মুখ ওচপাই পেলালে। এটা সময়ত ফটোখন মনা-নমনা, অস্পষ্ট হৈ গ’ল।