নুমলীগড়ত উপস্থিত অসম চৰকাৰে গঠন কৰি দিয়া ৭ জনীয়া সমিতিৰ বিষয়ববীয়াৰ দল

pc-EastMojo

নুমলীগড়ত উপস্থিত অসম চৰকাৰে গঠন কৰি দিয়া ৭ জনীয়া সমিতিৰ বিষয়ববীয়াৰ দল

ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  নুমলীগড়ত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে ব্যাপক তৎপৰতা গোলাঘাট জিলা বন বিভাগৰ । গোলাঘাট DFOৰ আহ্বান মৰ্মে নুমলীগড়ত উপস্থিত অসম চৰকাৰে গঠন কৰি দিয়া ৭ জনীয়া সমিতিৰ বিষয়ববীয়াৰ দল । দিনে নিশাই হাতী উপদ্ৰৱ অঞ্চলত মত বিনিময় ,আলোচনাত ব্যস্ত সমিতিৰ সদস্য সকল । ভয়াবহ ৰূপ ধাৰণ কৰা গোলাঘাট নুমলীগড়ৰ হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পথ বিচাৰি অসম চৰকাৰৰ সাত জনীয়া সমিতিৰ সদস্য উপস্থিত নুমলীগড়ত । দিনে নিশাই গাঁৱে ভুঁয়ে , হাবিয়ে ,জংঘলে ঘূৰি ফুৰিছে এই সমিতিৰ সদস্য তথা বিভিন্ন NGO WTI, বন বিভাগৰ CCF, ACF কে ধৰি পৰিবেশ কৰ্মী মুবীণা আখতাৰ, কুশল শৰ্মা, কৌশিক কলিতা, দ্বীপেন শৰ্মা কে ধৰি হস্তী বিশেষজ্ঞ দলটি । দলটোৱে স্থানীয় ৰাইজ, সাংবাদিক সকলৰ লগত হাতী মানুহৰ সংঘাত ৰোধৰবাবে মতামত গ্ৰ্হন কৰে । লগতে দলটিয়ে যি সমূহ হাতী দণ্ডী বৰ্তমান বে দখলৰ কৱলত সেই সমূহ পুনৰ মুক্ত কৰা, বনাঞ্চল বে দখল মুক্ত কৰা , আদি বিষয়ক লৈয়ে মত বিনিময় কৰে অঞ্চল সমূহত ।