নুনমাটি সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত

pc. the janambhumi

নুনমাটি সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ নুনমাটি সার্বজনীন দুর্গাপূজা সমিতিৰ কার্যালয়ত নুনমাটি সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ সভা এখন অনুষ্ঠিত হয়।নৰেন ৰয়ে অনুষ্ঠিত এই সভাখনত সভাপতিত্ব কৰে।সম্পাদক এগৰাজ ছেত্ৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আৰম্ভণিতে কোকিলকণ্ঠী তথা ভাৰতৰত্ন লতা মংগেশকাৰৰ মৃত্যুত গভীর শোক প্ৰকাশ কৰি তেঁওৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত এক মিনিট মৌন প্রার্থনা জনায়। এই সভাতে অহা ১২ আৰু ১৩ মার্চত নুনমাটি সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিৱেশনখন বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ উপৰি বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল অহা ২০২৩ বৰ্ষৰ ৩১ জানুৱাৰী পর্যন্ত বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰি আন এক গুৰুত্বপূৰ্ণ প্রস্তাব গ্রহণ কৰে এই সভাই।