নীলা খামৰ চিঠি-অভিজিত শেনচোৱা

Pc-huffpost

শিৰোনামা
নীলা খামৰ চিঠি

প্ৰতি,
মৰমৰ অনামিকা,

পোন প্ৰথমে তোমালৈ মোৰ হিয়া ভৰা মৰম যাচিলোঁ। আশা কৰোঁ তুমি ভালে আছা। তোমাক কওঁ বুলি ক’ব নোৱাৰি মনত আলোড়ন সৃষ্টি কৰি থকা কিছু কথা চিঠি খনৰ মাৰ্ফত তোমাক জনাব খুজিছোঁ । ফেচবুকতে প্ৰথম তোমাৰ সৈতে চিনাকি । তোমাৰ ফেচবুক প্ৰ’ফাইল গৈ তোমাৰ ফটোবোৰ এফালৰ পৰা চালোঁ । তোমাৰ হাঁহিমুখীয়া প্ৰফাইল ফটোখন দেখি মুগ্ধ হলো । হাহিমুখীয়া চেহেৰা, তোমাৰ সুকোমল, মৰমীয়াল অন্তৰখনো যেন জিলিকি উঠিছিল ফোটোখনত । ব্যস্ত দিনবোৰৰ মাজত প্ৰতিদিনেই সময় উলিয়াই তোমাৰ ফেচবুক প্ৰ’ফাইল চাওঁ আৰু তোমালৈ ফ্ৰেইণ্ড ৰিকুয়েষ্ট পঠিয়াও বুলি ভাবোঁ । কিন্তু মনত সৎ সাহস গোটাব পৰা নাছিলো। কিবা যেন এক ভয় ভাব মনলৈ আহিছিল । কিজানিবা তুমি মোক ক’ৰবাৰ ফটুৱা বুলিয়ে ভাবিবা ! বা ভাবিবা আন ফটোৱা ল’ৰাৰ দৰে ইও এটা । এনেবোৰ বহু প্ৰশ্নই মোক বাৰে বাৰে আমনি কৰিছিল। তোমাৰ প্ৰতি থকা আকৰ্ষণে মোক বাৰুকৈ প্ৰভাৱিত কৰিছিল । তেনেতে এদিন দেখা পালোঁ তোমাৰ ফেচবুক প্ৰফাইল ল’ক । মোৰ হিয়াই গুজৰি গুমৰি উঠিল তোমাৰ ফোটো দেখা নাপায়। নাই, এনেকৈ আৰু নোৱাৰি, সাহস গোটাই তোমালৈ ফ্ৰেইণ্ড ৰিকুয়েষ্ট পঠিয়ালোঁ। তাৰ পিছত সদায় সঘনাই ফেচবুক খুলি চাওঁ মোৰ ৰিকুয়েষ্টৰ প্ৰতি তোমাৰ সঁহাৰি পাম নেকি বুলি। কিন্তু বহুকেইদিনলৈ তোমাৰ একো সঁহাৰি নোপোৱাত ভাবিবলৈ বাধ্য হৈছিলোঁ যে তুমি মোক কুৎসিত আৰু ফটুৱা বুলি ভাবি বন্ধুত্বৰ মোৰ এই অনুৰোধ স্বীকাৰ নকৰিলা । তেতিয়া কিন্তু মোৰ মনত ভালকৈ আঘাত লাগিছিল, বিষাদে হৃদয়ত বাঁহ লৈছিল। মাজে মাজে ভাবি-ভাবি ওৰকে পোৱা নাছিলোঁ। মই ভাবিবলৈ বাধ্য হৈছিলোঁ – সঁচাকৈ মই বৰ কুৎসিত নেকি! মোৰ মনে-প্ৰাণে বিচৰাজনী তুমি – কিন্তু তোমাৰ সতে বন্ধুত্বৰ গঢ়ি তোলাৰ বাবে মই অযোগ্য নেকি! তথাপিও মই তোমাৰ সঁহাৰি পোৱাৰ আশাত সদায় ফেচবুক চাই থাকিলোঁ। এনেকৈ কেইদিনমান বাগৰি যোৱাৰ পিচত এদিন নিজকে তুচ্ছ বুলি কৰা চিন্তা দূৰ হ’ল । ফেচবুক খুলি চাই দেখিলোঁ তুমি মোৰ বন্ধুত্বৰ অনুৰোধ গ্ৰহণ কৰিছা। সেইদিনা মোৰ মনত কি যে ফুৰ্তি, যেন উজনীৰে ৰেল খনি মোৰ বুকুতে চলিছে, সেইয়া বৰ্ণনা কৰিব নোৱাৰোঁ । দুদিন তেনেকৈয়ে পাৰ হল । এই দুদিনত তোমাৰ নতুন পোষ্ট এটাও দেখা নাপালোঁ । সাহস গোটাই যি ভাবে ভাবিব ভাবি তোমালৈ এটা মেচেজ দিবলৈ ললোঁ,দিলোঁ কিন্তু মোৰ মেচেজৰ প্ৰত্যুত্তৰ নোপোৱাত পুনৰ নিৰাশাই মোক আগুৰি ধৰিছিল। নিৰাশাৰ প্ৰতিফলন ঘটক বুলি মই পিছদিনা এটি কবিতা লিখি তোমাক মেচেঞ্জাৰৰ ইনবস্কত দিলোঁ। মোৰ কবিতাটি পঢ়ি তুমি সুন্দৰ প্ৰেৰণাদায়ক মন্তব্যৰে মোক উৎসাহিত কৰিলা যাৰ বাবে মই তোমাৰ প্ৰশংসা কৰি তত পোৱা নাছিলোঁ। তাৰ পিচৰ পৰা সময়ে সুযোগে আমি দুয়ো কথা পাতিবলৈ ল’লোঁ। আমি ইজনে সিজনৰ লগত চিনাকী হোৱাত জানিব পাৰিলোঁ তুমিও কবিতা, লিখনি ইত্যাদি কৰি ভাল পোৱা বুলি। যেতিয়া আমি দুয়ো চিনাকী হলোঁ তেতিয়া দুয়ো দুয়োকে ভালকৈ বুজিলো। এতিয়া মাজে সময়ে মেচেঞ্জাৰৰ জৰিয়তে কথা পাতি ভাল লাগে। কথা পাতিবলৈ নেপালেহে মনত বৰ বেজাৰ লগা হ’ল। সেই কাৰণে তোমাৰ ফোন নম্বৰ বিচাৰি লবলৈ সাহস কৰিলোঁ । নম্বৰ বিচৰা আগত মোৰ মনত বৰ ভয় লাগিছিল নম্বৰৰ পৰিবৰ্তে গালি দিবা বুলি। কিন্তু আচম্বিত কৰি তুমি এদিন মোক মোৰ ফোন নম্বৰ বিচাৰিলা । আৰু তেতিয়াৰ পৰা তোমাৰ মোৰ মাজত হোৱাট্চএপৰ জৰিয়তে কথা পতাৰ সুবিধাৰ উপৰিও ফোনতও কথা পতাৰ সুবিধা হ’ল। ইয়াৰ লগতে আমি দুয়োৰে লিখনি ইজনে সিজনৰ লগত চেয়াৰ কৰি লিখনিৰ ভাব বুজাৰ প্ৰয়াস কৰোঁ আৰু কিবা ভুল-ত্ৰুটি চকুত পৰিলে শুধৰাই দিও। এনেদৰে তোমাৰ মোৰ মাজত সুন্দৰ সম্পৰ্ক গঢ়ি উঠিল। কিন্তু এতিয়াও মই আচল কথাৰ পৰা বহু নিলগত পৰি আছোঁ। তোমাক লগত লৈ ইয়াতকৈ আৰু আগলৈ যাব বিচাৰোঁ। মোৰ অন্তৰে তোমাক অতি আগ্ৰহেৰে আপোন কৰিব বিচাৰোঁ। মোৰ হৃদয়ত তোমাৰ মুক্ত বিচৰণৰ সম্পূৰ্ণ অধিকাৰ দিব বিচাৰোঁ। সেই কাৰণে মই প্ৰেমৰ টোপোলা লৈ তোমাৰ কাষত জিৰাব বিচাৰি নিবেদন জনালোঁ। মোৰ এই কাতৰ নিবেদন হৃদয়ঙ্গম কৰি তোমাৰ মমতাময়ী বিশাল হৃদয়ত মোৰ বাবে অকণমান ঠাই দিবা বুলি আশা কৰিলোঁ।

পুনৰ তোমালৈ হিয়া ভৰা মৰম যাচি তোমাৰ প্ৰত্যুত্তৰ লৈ বাট চাই ৰ’লো।

তোমাৰ প্ৰেম প্ৰাৰ্থী
– অভিজিত –

লেখক- শ্ৰী অভিজিত শেনচোৱা
ঠিকনা- দেউবিল নপমীয়া গাঁও