নীলাখামৰ চিঠি – মানসী মিশ্ৰ

pc- Auralcrave

নীলাখামৰ চিঠি – মানসী মিশ্ৰ

মৰমৰ নীলিম

ভালে আছানে বাৰু?

হয়তো আছা, বাৰিষাৰ এই উতাপৰ দৰেই

এই ভৰা লুইতখনৰ একেধাৰে বৈ যোৱা

এই গভীৰ পানী খিনিৰ দৰেই

তুমিতো নুবুজা, হয়তো অনুভৱো জানো কৰিছা

তোমালৈ মোৰ কিমান মৰম

আকাশৰ নীলা নীলা নীলাবোৰ যিমান যিমান

দূৰলৈ বিয়পি পৰিছে

তোমালৈ মোৰ মৰমবোৰো সিমান সিমান

তুমি মোৰ বাবে নীলা আকাশৰ পূৰ্ণিমাৰ জোন

তোমাক মই নাপাওঁ

তথাপিও তোমাৰ মৰমৰ জোনাকত

মোক এবাৰ জুৰ লবলৈ নিদিবানে?